মানস ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ সমান্তৰালকৈ বৃদ্ধি পাইছে অন্যান্য জীৱজন্তু

76

কৰ’ণা কালত প্ৰকৃতিয়েও ৰূপ সলাইছে ৷ ৰূপ সলাইছে বিশ্ব ঐতিহ্য মানস ৰাষ্ট্ৰীয় উদ্যানেও ৷ পৰ্যটকৰ আগমন কমি যোৱাত বৃদ্ধি পাইছে জীৱ- জন্তুৰ সংখ্যা ৷বিশ্ব ঐতিহ্য মানস ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে ঢেকিয়াপতীয়া বাঘৰ সংখ্যা ৷ বিগত এটা বৰ্ষত উদ্যানখনত বাঘৰ সংখ্যা বৃদ্ধি পাইছে তেৰটা লৈ৷ বৰ্তমানলৈ মানসত বাঘ আছে ৪৬টা ৷ বাঘৰ সংখ্যা বৃদ্ধিত উৎফুল্লিত হৈ পৰিছে উদ্যান কৰ্তৃপক্ষ৷

বিশ্ব ঐতিহ্য মানস ৰাষ্ট্ৰীয় উদ্যানখনৰ অৱসৰপ্ৰাপ্ত উপক্ষেত্ৰ সঞ্চালক ৰঘুনাথ বড়োই জানিব দিয়া মতে বাঘৰ সমান্তৰালকৈ উদ্যানখনত অন্যান্য জীৱ- জন্তুৰ সংখ্যাও বৃদ্ধি পাইছে৷বিশেষকৈ উদ্যানখনত হৰিনা, বান্দৰ, মেথোন, ম’হ, গাহৰিৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে৷ তেওঁ কয় বাঘৰ সংখ্যা বৃদ্ধিয়ে অন্যান্য জীৱ- জন্তু সংখ্যা বৃদ্ধিৰো ইংগিত বহন কৰে ৷কাৰণ খাদ্য নাথাকিলে বাঘৰ সংখ্যাও বৃদ্ধি নহ’লহেতেন ৷ উল্লেখ্য যে মানস ৰাষ্ট্ৰীয় উদ্যানত সম্প্ৰতি গড়ৰ সংখ্যাও ৪৭ টা লৈ বৃদ্ধি পাইছে ৷