এইবাৰ বিহুত কন্ঠশিল্পী মানস ৰবীনক সাত বিহুলৈ মঞ্চত দেখা নাপায়। কিয়নো তেওঁ বিহুৰ সাতদিনলৈ বিহু অনুষ্ঠানৰ মঞ্চ অংশ নলয়। বুধবাৰে সংবাদমাধ্যমৰ আগত এই কথা সদৰী কৰিছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গ বিয়োগৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কন্ঠশিল্পী মানস ৰবীনে। তেওঁ কয়, ” ব’হাগ সাত দিনলৈ এইবাৰ মই অনুষ্ঠিত পৰিৱেশন নকৰো।ঘৰৰ কোনোবা মানুহ নোহোৱা হ’লে বহু দিনলৈ কাম কাজ নকৰে।
তেনেদৰে মই জুবিন দাৰ বাবে সাত বিহুলৈ অনুষ্ঠান পৰিৱেশন নকৰো। আমি ঘৰুৱা মানুহ আমাৰ কৰিবলৈ মন নাযায়। তাৰ পিছত কিবা অনুষ্ঠান আহিলে কৰিম । কাৰণ আমাৰ লগত এটা বৃহত বাদ্যযন্ত্ৰ দল জড়িত হৈ আছে তেওঁলোকৰ পাৰিশ্ৰমিকৰ কথা আছে। বাকী শিল্পী সকলে কৰক কাৰণ আমি বহাগক জীয়াই ৰাখিব লাগিব। ব’হাগ অসমীয়া জাতিৰ আয়ুস ৰেখা।
