চলন্ত বাছৰ পৰাই হেণ্ডিমেনে শোধালে চৰ, বাছৰ চকাত পিষ্ট হৈ চাইকেল আৰোহীৰ মৃত্যু

451

গোলাঘাটৰ মইনাপাৰাত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা। চলন্ত বাছৰ হেণ্ডিমেনে এজন চাইকেল আৰোহীক প্ৰহাৰ কৰাৰ সময়তে দুর্ভাগ্যপূৰ্ণভাৱে বাছৰ তলত সোমাই মৃত্যু ঘটে চাইকেল আৰোহী যুৱকজনৰ। নিহত যুৱকজনৰ নাম লক্ষ্যধৰ কলিতা (৩৮) বুলি জানিব পৰা গৈছে।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰঙাজানৰ পৰা গোলাঘাট অভিমুখী ৭০৯ চলন্ত যাত্রীবাহী বাছ এখনৰ হেণ্ডিমেনজনে একে দিশত বন্ধুৰ সৈতে চাইকেলেৰে গৈ থকা লক্ষ্যধৰ কলিতা নামৰ যুৱকজনক অতিক্রম কৰাৰ সময়ত কথাৰ কটাকটিত লিপ্তহৈ তেওঁক গালত এটা চৰ শোধায় ৷

গতিময় অৱস্থাত থকা গাড়ীৰ পৰা চৰ শোধোৱাত চাইকেল আৰোহী লক্ষ্যধৰ মাটিত ছিটিকি পৰে আৰু তেওঁৰ ওপৰেদি তীব্রবেগী যাত্রীবাহী বাছখনৰ চকা পাৰ হৈ যোৱাত থিতাতে তেওঁৰ মৃত্যু হয়।

লক্ষ্যধৰ কৰ্মসূত্রে গোলাঘাটৰ কৃষ্ণ নগৰৰ নিৱাসী যদিও তেওঁৰ ঘৰ গুৱাহাটীত বুলি জানিব পৰা গৈছে। ঘটনা সংঘটিত কৰি বাছখন সেই স্থানৰ পৰা পলায়ন কৰে। অৱশ্যে পাছত গােলাঘাট আৰক্ষীয়ে জব্দ কৰে বাছখন।