পশ্চিমবংগৰ আগন্তুক বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যখনত সৃষ্টি হৈছে এক উত্তেজনাময় ৰাজনৈতিক পৰিৱেশৰ। মঙলবাৰে আগন্তুক নিৰ্বাচনৰ বাবে ২৯১ গৰাকী প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰি এক শক্তিশালী নিৰ্বাচনী ভেটি তৈয়াৰ কৰে তৃণমূল কংগ্ৰেছে।
এই নিৰ্বাচনত ভৱানীপুৰ আসনৰ পৰা বিজেপিৰ শুভেন্দু অধিকাৰীৰ বিৰুদ্ধে নিজে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা ঘোষণা কৰে মমতা বেনাৰ্জীয়ে। উল্লেখযোগ্য যে বিজেপিৰ জ্যেষ্ঠ নেতা শুভেন্দু অধিকাৰীয়ে এইবাৰ ভৱানীপুৰ আৰু নন্দীগ্ৰাম- দুয়োটা সমষ্টিৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰিব। নন্দীগ্ৰাম সমষ্টিত শুভেন্দুৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছে তেওঁৰেই এসময়ৰ ঘনিষ্ঠ সহযোগী পবিত্ৰ কৰক প্ৰাৰ্থিত্ব প্ৰদান কৰি এক বিশেষ ৰণকৌশল গ্ৰহণ কৰে। কালিঘাটৰ বাসগৃহত আয়োজিত এক সংবাদ মেলত মুখ্যমন্ত্ৰীয়ে কয়, “২০২৬ চনত আমি ২২৬ খনতকৈও অধিক আসন লাভ কৰিম বুলি আমাৰ দৃঢ় বিশ্বাস।”
তদুপৰি এইবাৰৰ তালিকাত তৃণমূল কংগ্ৰেছে বহু কেইজন বৰ্তমানৰ বিধায়কক টিকটৰ পৰা বঞ্চিত কৰি নতুন মুখক নিৰ্বাচনী যুঁজত নমাইছে। বিশেষকৈ ৭৪ গৰাকী পুৰণি বিধায়কক বাদ দি মহিলা আৰু অনুসূচিত জাতি-জনজাতিৰ প্ৰাৰ্থীক প্ৰাধান্য দি এক ভাৰসাম্য ৰক্ষাৰ চেষ্টা কৰিছে দলে। পাহাৰৰ তিনিখন আসনত কোনো প্ৰাৰ্থী থিয় নকৰাই দলটোৱে ভাৰতীয় গোর্খা প্ৰজাতান্ত্ৰিক মৰ্চাৰ সৈতে নিৰ্বাচনী বুজাবুজি কৰিছে।
ইফালে দুৰ্নীতিৰ অভিযোগ থকা একাংশ নেতাক এইবাৰ তালিকাৰ পৰা আঁতৰাই ৰখা হৈছে যদিও জামিনত থকা জ্যোতিপ্ৰিয় মল্লিকে নিজৰ পুৰণি সমষ্টিৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰিব। নিৰ্বাচন আয়োগে কৰা আৰক্ষী বিষয়াৰ বদলি কাৰ্যক সমালোচনা কৰি ইয়াৰ বাবে বিজেপি আৰু আয়োগেই জগৰীয়া হ’ব বুলি মুখ্যমন্ত্ৰীয়ে মত পোষণ কৰে। বৰ্তমান ৰাজ্যখনত এই শক্তিশালী প্ৰাৰ্থী তালিকাক লৈ তীব্ৰ ৰাজনৈতিক চৰ্চাৰ সৃষ্টি হৈছে।
