ভোটাৰ তালিকা সংশোধনৰ প্রক্রিয়াক কেন্দ্ৰ কৰি সৃষ্টি হোৱা আইনী যুঁজৰ মাজতে বুধবাৰে উচ্চতম ন্যায়ালয়ত অধিবক্তাৰূপে উপস্থিত হ’ল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। ৰাজ্যখনত চলি থকা স্পেচিয়েল ইনটেনচিভ ৰিভিজনৰ অধীনত ভোটাৰ তালিকাৰ বিসংগতিৰ বিৰুদ্ধে দাখিল কৰা এক আবেদনৰ শুনানিত মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে উপস্থিত থাকি ব্যক্তিগতভাৱে যুক্তি দৰ্শায়। নিৰ্বাচনৰ পূৰ্বে হাজাৰ হাজাৰ বৈধ ভোটাৰৰ নাম তালিকাৰ পৰা কৰ্তন কৰাৰ অভিযোগ উত্থাপন কৰি মমতা বেনাৰ্জীয়ে আদালতৰ মজিয়াত এক আৱেগিক পৰিৱেশৰ সৃষ্টি কৰে।
মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য অনুসৰি, জীয়াই থকা ব্যক্তিক কাগজত ‘মৃত’ সজাই ভোটাৰ তালিকাৰ পৰা বহিষ্কাৰ কৰাৰ ফলত বিশেষকৈ দুখীয়া, মহিলা আৰু প্ৰব্ৰজিত শ্ৰমিকসকল চৰম দুৰ্ভোগৰ সন্মুখীন হৈছে। আনহাতে, নিৰ্বাচন আয়োগে পৰ্যাপ্ত চৰকাৰী বিষয়াৰ অভাৱত ‘মাইক্ৰ’ অবজাৰ্ভাৰ’ নিয়োগ কৰিবলীয় হোৱা বুলি আদালতক জানিবলৈ দিয়ে। ইয়াৰ বিপৰীতে উক্ত অবজাৰ্ভাৰসকলে আধাৰ কাৰ্ডৰ দৰে চৰকাৰী নথি স্বীকাৰ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পশ্চিমবংগ চৰকাৰে।
প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ মাত্ৰ চাৰিটা দিন বাকী থকাৰ পৰিপ্ৰেক্ষিতত মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠে নিৰ্বাচন আয়োগ আৰু বংগৰ মুখ্য নিৰ্বাচনী বিষয়াক জাননী জাৰি কৰিছে। আদালতে স্পষ্ট কৰি দিছে যে নিৰ্দ্ধাৰিত সময় পুনৰ বৃদ্ধি কৰা নহয় যদিও কোনো নিৰ্দোষ নাগৰিক যাতে নিজৰ অধিকাৰৰ পৰা বঞ্চিত নহয়, তাৰ বাবে সমাধান উলিওৱাটো প্ৰয়োজন। সমগ্ৰ বিষয়টোৰ বুজ লৈ উচ্চতম ন্যায়ালয়ে অহা সোমবাৰৰ ভিতৰত সহায় কৰিব পৰা বিষয়াসকলৰ এখন তালিকা দাখিল কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে। সোমবাৰে গোচৰটোৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰি আদালতে এক চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব।
