দেশৰ গণতান্ত্ৰিক মৰ্যাদা আৰু সংসদীয় পৰম্পৰাক কেন্দ্ৰীয় চৰকাৰে ইচ্ছাকৃতভাৱে আঘাত কৰা বুলি অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ সভাপতি তথা ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেই। মঙলবাৰে ৰাহুল গান্ধী আৰু উত্তৰ-পূৰ্বাঞ্চলৰ পৰম্পৰাগত ‘পটকা’ক লৈ সৃষ্টি হোৱা বিতৰ্কৰ প্ৰতিক্ৰিয়া দি খাৰ্গেই কয় যে আগন্তুক নিৰ্বাচনৰ পূৰ্বে বিৰোধী পক্ষক হেয় প্ৰতিপন্ন কৰিবলৈহে বিজেপিয়ে এই বিষয়টো অহেতুকভাৱে উচতাই দিছে।
সমগ্ৰ বিষয়টো স্পষ্ট কৰি খাৰ্গেই কয় যে ৰাহুল গান্ধীয়ে পটকা (গামোচা) খন যথেষ্ট সন্মান সহকাৰে গ্ৰহণ কৰিছিল আৰু খাদ্য গ্ৰহণৰ সময়তহে সেয়া জাপি এঠাইত থৈ দিছিল। কংগ্ৰেছে উত্তৰ-পূৰ্বাঞ্চলৰ সংস্কৃতিক অপমান কৰা বুলি বিজেপিয়ে যি অভিযোগ আনিছে, তাক নস্যাৎ কৰি তেওঁ কয় যে শাসকীয় দলে কেৱল ৰাজনৈতিক লাভালাভৰ বাবেহে ভুৱা প্ৰচাৰ চলাইছে। তেওঁৰ মতে, উত্তৰ-পূবৰ আৱেগতকৈও কংগ্ৰেছক আক্ৰমণ কৰাটোহে বিজেপিৰ মূল লক্ষ্য হৈ পৰিছে।
গণৰাজ্য দিৱসৰ অনুষ্ঠানত বিৰোধী দলৰ নেতাক কৰা ব্যৱহাৰক লৈয়ো খাৰ্গেই তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। কুচকাৱাজৰ সময়ত দুজন জ্যেষ্ঠ বিৰোধী নেতাক তৃতীয় শাৰীৰ আসনত বহুওৱাৰ প্ৰসংগ টানি আনি তেওঁ কয় যে এয়া কেৱল ব্যক্তিবিশেষৰ নহয়, বৰঞ্চ সংবিধান আৰু গণতান্ত্ৰিক মূল্যবোধৰ অপমান। ৰাজ্যিক পৰ্যায়ৰ মন্ত্ৰীৰ সৈতে বিৰোধী দলপতিক বহুওৱা কাৰ্যক তেওঁ দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে।
ইয়াৰ উপৰি ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰাৰ সময়তো বিৰোধী নেতাসকলক শাৰীত থিয় কৰাই ৰখাৰ বিষয়টোক তেওঁ এক পৰিকল্পিত অপমান বুলি দাবী কৰে। খাৰ্গেই সোঁৱৰাই দিয়ে যে মণিপুৰৰ দৰে অশান্ত অঞ্চলত ৰাহুল গান্ধীয়ে পদযাত্ৰা কৰি জনসাধাৰণৰ সৈতে একাত্ম হৈছে, অথচ বিজেপিয়ে এতিয়া সাংস্কৃতিক প্ৰতীকক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি নিৰ্বাচনী বৈতৰণী পাৰ হ’ব খুজিছে।
