জম্মু আৰু কাশ্মীৰৰ কাঠুৱাত নিৰ্বাচনী সভাতে ঢলি পৰিল মল্লিকাৰ্জুন খাৰ্গে

25

জম্মু আৰু কাশ্মীৰৰ কাঠুৱা জিলাত এখন নিৰ্বাচনী সভা সম্বোধন কৰি থাকোতে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে মঞ্চতে মূৰ্চ্ছা যায়। খাৰ্গে  কাঠুৱাত প্ৰাণ হেৰুওৱা কনিষ্টবলক শ্ৰদ্ধাঞ্জলি জনাই থকা অৱস্থাতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে। দেওবাৰে ভাষণ আগবঢ়াই থকা অৱস্থাত খাৰ্গেৰ কণ্ঠস্বৰ মন্থৰ হৈ পৰে আৰু হঠাতে তেওঁ অচেতন হৈ চলি পৰে। ইয়াৰ ফলত ভিৰৰ মাজত বিশৃংখলতা সৃষ্টি হয়। মঞ্চত থিয় হৈ থকা লোকসকলে তেওঁক বহিবলৈ ব্যৱস্থা কৰি দিয়ে। সুস্থ হোৱাৰ পিছত খাৰ্গে মঞ্চত পুনৰ ভাষণ আগবঢ়াবলৈ আহে । তেওঁ কয় বয়স ৮৩ বছৰ, কিন্তু মই ইমান সোনকালে মৰিব নোৱাৰো। মোদীক ক্ষমতাৰ পৰা আঁতৰ নকৰা লৈ মই জীয়াই থাকিম।

মই জম্মু আৰু কাশ্মীৰৰ বাবে পূৰ্ণ ৰাজ্যৰ মৰ্যাদাৰ বাবে হেঁচা দি থাকিম। মল্লিকাৰ্জুন খাৰ্গে ২২ ছেপ্টেম্বৰত জম্মুত এখন সংবাদমেলত কৈছিল যে জম্মু আৰু কাশ্মীৰক ৰাজ্যৰ মৰ্যাদা ঘূৰাই পোৱাটো কংগ্ৰেছৰ অগ্ৰাধিকাৰ। তেওঁ কৈছিল যে ৰাজ্যক আগতে কেতিয়াও কেন্দ্ৰীয় শাসিত অঞ্চল বনোৱা হোৱা নাছিল। তেওঁ লগতে কয় যে আমি প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিক সুধিব বিচাৰো যে যেতিয়া আপোনাৰ সম্পূৰ্ণ ক্ষমতা আছে, আপুনি এতিয়ালৈকে জম্মু-কাশ্মীৰক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা কিয় দিয়া নাই। জম্মু-কাশ্মীৰৰ বাবে কংগ্ৰেছৰ ইস্তাহাৰৰ কথা উল্লেখ কৰি খাৰ্গে কয় যে আমি ৰাজ্যখনৰ বাবে সাতটা প্ৰতিশ্ৰুতি দিছো।

আমাৰ প্ৰথম প্ৰতিশ্ৰুতি হৈছে যে জম্মু আৰু কাশ্মীৰলৈ পূৰ্ণ ৰাজ্যৰ মৰ্যাদা পুনৰুদ্ধাৰ কৰা হ’ব। উল্লেখ্য যে ১০ বছৰৰ ব্যৱধানৰ পিছত জম্মু আৰু কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছে। ২০১৯ চনত অনুচ্ছেদ-৩৭০ আঁতৰোৱাৰ পিছত এইটো প্ৰথম বিধানসভা নিৰ্বাচন। জম্মু আৰু কাশ্মীৰত ৯০ টা বিধানসভা সমষ্টি আছে, যাৰ ভিতৰত ৭ টা অনুসূচীত জাতিৰ বাবে আৰু ৯ টা অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ১৮ ছেপ্টেম্বৰত আৰু দ্বিতীয় পৰ্যায়ত ২৫ ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল। তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ১ অক্টোবৰত অনুষ্ঠিত হ’ব। ফলাফল ৮ অক্টোবৰত ঘোষণা কৰা হ’ব।