অসমীয়া ৰাইজৰ হিয়াৰ আমঠু , মহান শিল্পী জুবিন গাৰ্গৰ ১৯ ছেপ্টেম্বৰৰ দিনা ছিংগাপুৰত সাগৰত গা ধুবলৈ গৈ এক ৰহস্যজনক পৰিস্থিতিত মৃত্যুৰ বাতৰি বিয়পি পৰাৰ পাছৰে পৰা যোৱা চাৰিদিন ধৰি শোক সাগৰত ডুব গৈ আছে ৰাজ্যখন। ২১ ছেপ্টেম্বৰৰ দিনা পুৱা মৃত্যুৰ প্ৰায় ৪০ ঘণ্টা পাছত কফিনত জুবিন গাৰ্গৰ মৃতদেহ আহি পোৱাৰ পাছত মৰমৰ শিল্পীজনক এবাৰ ওচৰৰ পৰা চাবলৈ সৰুসজাই ক্ৰীড়া প্ৰকল্পত কালিৰে পৰা লাখ লাখ লোকৰ সমাগম হৈছে। আনহাতে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আজি দিনৰ ভাগত উত্তৰ পূব সীমান্ত ৰেলৱেৰ মালিগাওঁস্থিত সদৰ কাৰ্যালয়ৰ বাকৰিত অগ্ৰণী ট্ৰেড ইউনিয়ন এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।
ইউনিয়নৰ কেন্দ্ৰীয় কমিটীৰ প্ৰচাৰ কমিটীৰ অধ্যক্ষ নয়ন কুমাৰ বৰ্মনে জানিবলৈ দিয়া মতে অনুষ্ঠানত ৰেলৱেৰ সদৰ কাৰ্যালয়ত কৰ্মৰত ডেৰ সহস্ৰাধিক বিষয়া – কৰ্মচাৰী উপস্থিত থাকে । আনহাতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰবন্ধ চেতন কুমাৰ শ্ৰীবাস্তবে । এই উপলক্ষে ইউনিয়নৰ কাৰ্যকৰী সভাপতি মধুসুদন দাসে আঁত ধৰা অনুষ্ঠানত মহা প্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে বিশ্ববন্দিত শিল্পী গৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰি কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত বিগত তিনি – চাৰিদিন ধৰি ৰাজ্যত সৃষ্টি হোৱা পৰিবেশ – পৰিস্থিতিয়েই প্ৰমাণ কৰিছে জুবিন গাৰ্গক মানুহে কিমান ভাল পাইছিল।
আনহাতে অনুষ্ঠানত চমু ভাষণত ইউনিয়নৰ কেন্দ্ৰীয় সাধাৰণ সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়াই ভাষণ প্ৰসংগত কয় যে জুবিন গাৰ্গৰ অকাল মৃত্যু কেৱল অসমীয়া সংগীত জগতৰে নহয় ই দেশৰ সংগীতৰ ক্ষেত্ৰখনৰো অপূৰনীয় ক্ষতি আৰু ই কোনোদিনে পূৰণ নহব। অনুষ্ঠানত ইউনিয়নৰ যুটীয়া সাধাৰণ সম্পাদকত্ৰয় ক্ৰমে – দিগন্ত বৰুৱা , প্ৰকাশ মহন্ত আৰু দেবাশীষ মুখাৰ্জী , কোষাধক্ষ্য জোন দাসকে ধৰি ইউনিয়নৰ কেবাজনো নেতাসহ কেবাজনো বিশিষ্ট লোক উপস্থিত আছিল।
