এন এফ ৰেলৱে এম্পলয়িজ ইউনিয়নৰ উদ্যোগত মালিগাঁৱত আন্তৰ্জাতিক নাৰী দিৱস পালন

31

উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ শ্ৰমিক – কৰ্মচাৰী সকলৰ অগ্ৰণী ট্ৰেড ইউনিয়ন “এন এফ ৰেলৱে এম্পলয়িজ ইউনিয়নৰ মূখ্য কাৰ্যালয়ৰ মহিলা শাখাৰ উদ্যোগত আজি উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মালিগাঁওস্থিত সদৰ কাৰ্যালয়ৰ বাকৰিত  আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। ইউনিয়নৰ মহিলা শাখাৰ শাখা সম্পদিকা মিতালী দত্ত দাসৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটো বন্তি প্ৰজ্বলনৰে উদ্ধোধন কৰে  বিশিষ্ট সাহিত্যিক  তথা উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ প্ৰাক্তন প্ৰধান মূখ্য বাণিজ্যিক প্ৰবন্ধক লীনা শৰ্মাই। অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ ভাষণ প্ৰসংগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপনৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰি নাৰী সবলীকৰণ হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে জনপ্ৰিয় কণ্ঠশিল্পী মালবিকা বৰাই  ভাগ লৈ ভাষণ প্ৰদান কৰাৰ লগতে কেবাটাও সংগীত পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি বাৰে ৰহনীয়া সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হয়। কাৰ্যসূচীত  আনোৱাৰা বেগম আৰু আলোমিতা বিশ্বাসে  নৃত্য,  সদৰ কাৰ্যালয়ৰ মহিলা কৰ্মচাৰী নিবেদিতা বৈশ্যই সংগীত  পৰিৱেশন কৰে।

অনুষ্ঠানত ইউনিয়নৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি মধুসুদন দাস, সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়া, উপ সভাপতি ডন সিং ব্ৰহ্ম, যুটীয়া সাধাৰণ সম্পাদক দিগন্ত বৰুৱা , ৰুবুল বৰুৱা আৰু প্ৰকাশ বৰ্মন, সহকাৰী সাধাৰণ সম্পাদক প্ৰণীতা মজুমদাৰ  , প্ৰচাৰ কোষৰ অধ্যক্ষ নয়ন কুমাৰ বৰ্মন, কোষধক্ষ্য জোন দাস, মুখ্য সাংগঠনিক সম্পাদক  ভাস্কৰ ভূষণ দাস, মহিলা শাখাৰ কেবাজনো কৰ্মকৰ্তা উপস্থিত থাকে।