বিশ্বৰ অন্যতম বৃহৎ গহনা খুচুৰা বিক্ৰেতা মালাবাৰ গল্ড এণ্ড ডাইমণ্ডছে ভাৰতৰ অন্যতম প্ৰত্যাশিত ব্রাইডেল শ্ব’কেছ হিচাপে পৰিচিত ফ্লেগশ্বিপ ব্রাইডছ অৱ ইণ্ডিয়া অভিযানৰ ১৫ সংখ্যক সংস্কৰণ মুকলি কৰিছে৷ চলিত বৰ্ষৰ অভিযানত ভাৰতীয় বিবাহৰ আঁৰৰ সাংস্কৃতিক গভীৰতা আৰু আৱেগিক কাহিনীৰ ওপৰত আলোকপাত কৰি আলিয়া ভাট, কৰীনা কাপুৰ খান, এন টি আৰ, কাৰ্তি, অনিল কাপুৰ, শ্ৰীনিধি শ্বেট্টী, ৰুক্মিণী মৈত্ৰ, সব্যসাচী মিশ্ৰ, প্ৰাৰ্থনা বেহেৰে আৰু মানসী পাৰেখকে ধৰি ২২ গৰাকী কইনা আৰু ১০ গৰাকী চেলিব্ৰিটীয়ে অংশগ্ৰহণ কৰে।
অভিষেক বৰ্মনৰ পৰিচালনাত শুভজিৎ মুখাৰ্জীৰ সংগীতেৰে প্ৰস্তুত কৰা এই ব্ৰেণ্ড ছবিখনে প্ৰতিগৰাকী কইনাৰ পৰিচয় গঢ় দিয়া আচাৰ-অনুষ্ঠান, আৱেগ আৰু ঐতিহ্যক ধৰি ৰাখিছে। অধ্যক্ষ এম পি আহমেদে এই বিষয়ে কয় যে, মালাবাৰৰ স্বচ্ছতা আৰু গুণগত নিশ্চয়তাৰ সমৰ্থনত ভাৰতীয় কইনাসকলক সংজ্ঞায়িত কৰা স্মৃতি, সম্পৰ্ক আৰু পৰম্পৰাৰ প্ৰতি শ্ৰদ্ধা জনাই বিশেষভাৱে প্ৰস্তুত কৰা হৈছে।
এই অভিযানে ৰাজস্থানৰ পল্কি শিল্পৰ পৰা তামিলনাডুৰ মন্দিৰৰ গহণা, কেৰালাৰ কাছাভু-অনুপ্ৰাণিত স্বৰ্ণ আৰু বংগৰ জটিল মটিফলৈকে আঞ্চলিক পৰিচয়ো সমানে প্ৰদৰ্শন কৰে-আনহাতে ভাৰতৰ যিকোনো ঠাইতে কইনাই যিকোনো সাংস্কৃতিক শৈলী বাছনি কৰিবলৈ সুযোগ দিছে। গুৱাহাটীত এই প্ৰচাৰ অভিযানে সংস্কৃতি সমৃদ্ধ অথচ সমসাময়িক ডিজাইন বিচৰা আগন্তুক কইনাৰ মাজত প্ৰবল আগ্ৰহৰ সৃষ্টি কৰিছে। মহানগৰখনৰ খুচুৰা বিক্ৰেতাসকলে কয় যে শীতকালীন বিয়াৰ বতৰৰ বাবে সাজু হোৱা পৰিয়ালসমূহৰ মাজত বিশেষকৈ মালাবাৰৰ চিগনেশ্বাৰ ডিভাইন, প্ৰেচিয়া আৰু ডাইমণ্ড সংগ্ৰহৰ চাহিদা বৃদ্ধি পাইছে। পৰম্পৰা আৰু ব্যক্তিগত প্ৰকাশভংগীৰ মাজৰ ভাৰসাম্য ৰক্ষা কৰাৰ বাবে চেলিব্ৰিটীসকলে এই অভিযানক প্ৰশংসা কৰিছে, যাৰ ফলত মালাবাৰৰ কইনাৰ গহনাৰ অগ্ৰণী গন্তব্যস্থান হিচাপে স্থিতি শক্তিশালী হৈছে।https://youtu.be/CvW1EkLfGH4
