দুৰ্নীতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে চলোৱা অভিযানৰ অংশ হিচাপে এ চি এছ বিষয়া নূপুৰ বৰাকক ভূমি কেলেংকাৰিৰ গুৰুতৰ অভিযোগত পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে। উত্থাপিত অভিযোগৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ অধীনত ৩২/২৫ নম্বৰত এক গোচৰ ৰুজু কৰা হয়। তদন্তত ধৰা পৰা কথা অনুসৰি, নূপুৰ বৰাই ২৮৪ গৰাকী লোকৰ নামত অবৈধ ৰূপে ভূমি পঞ্জীয়ন কৰে। ইয়াৰ অন্তৰ্থগত, লাখ লাখ টকাৰ বিনিময়ত বহুৰে ভূমি নথি চৰকাৰী পঞ্জীয়ন নকৰাকৈ নামজাৰি কৰা হৈছে।
তদাৰকী কোষে বৰপেটাত সন্দেহজনক ৭০ গৰাকী ব্যক্তিৰ ভূমি নথি জব্দ কৰে, যাৰ পুনৰীক্ষণত ব্যাপক বিসংগতি পোৱা যায়। তদন্তকাৰীয়ে নিশ্চিত কৰিছে যে নূপুৰ বৰাই বিভাগীয় নিয়ম উলংঘন কৰি বৃহৎ ধনৰ বিনিময়ত ভূমি পঞ্জীয়ন কৰিলে।
নূপুৰ বৰাই কামৰূপৰ গৰৈমাৰীতো ভূমি জালিয়াতিৰ সৈতে জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। তদাৰকী কোষে গৰৈমাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়তো তথ্য বিচাৰিছে। বৰ্তমান, ২৮৪ গৰাকী লোকৰ ভূমিৰ তথ্য সমূহৰ মূল্যায়ন চলি আছে আৰু নূপুৰ বৰাৰ বিৰুদ্ধে জেৰা অব্যাহত ৰাখা হৈছে।
