মহিন্দ্ৰাই মুকলি কৰিছে ‘দ্য’ এছইউভি : থাৰ ৰক্স, য’ত লাভ কৰিব অতুলনীয় বিলাসিতা আৰু অফ-ৰোড দক্ষতা

101

মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা লিমিটেডে মুকলি কৰিলে থাৰ ৰক্স, যিখন বাহনক ‘দ্য’ এছইউভি বুলি আখ্যা দিয়া হয়, এই বাহনখনে ভাৰতীয় স্বয়ংচালিত উদ্যোগত নতুন মানদণ্ড স্থাপন কৰিছে। ১২.৯৯ লাখ টকাৰ প্ৰাৰম্ভিক মূল্যত উপলব্ধ থাৰ ৰক্স বাহনখনে উন্নত প্ৰযুক্তিৰ সৈতে আইকনিক ডিজাইনৰ সংমিশ্ৰণ ঘটাইছে, যিয়ে এক বিলাসী অথচ ৰুক্ষ ড্ৰাইভিং অভিজ্ঞতা প্ৰদান কৰে। নতুন এম_গ্লাইড প্লেটফৰ্মৰ দ্বাৰা চালিত, থাৰ ৰক্স বাহনখন বেষ্ট-ইন-ক্লাছ গতিশীলতাৰে এক মসৃণ, পৰিশোধিত যাত্ৰা নিশ্চিত কৰে, যাৰ ভিতৰত আছে শেহতীয়া ৱাটৰ লিংক চাচপেনশ্বন আৰু হাইড্ৰলিক ৰিবাউণ্ড ষ্টপাৰ (এইচআৰএছ) ইত্যাদি। এই এছইউভিখন দুটা বিকল্প ইঞ্জিন-জি২০ টিজিডিআই এমষ্টেলিঅ’ন আৰু ডি২২ এমহ’কৰ সৈতে উপলব্ধ, বাহনখনে ৬-স্পীড মেনুৱেল বা স্বয়ংক্ৰিয় ট্ৰেন্সমিছন আৰু ৩৮০ এনএমলৈকে টৰ্ক প্ৰদান কৰে।

অফ-ৰোডত উৎকৃষ্ট হ’ব পৰাকৈ ডিজাইন কৰা থাৰ ৰক্স ভাৰতৰ প্ৰথমখন ক্ৰ’ল স্মাৰ্ট এছিষ্ট আৰু উৎকৃষ্ট ভূখণ্ড ব্যৱস্থাপনাৰ বাবে ইণ্টেলিটাৰ্নেৰে সুসজ্জিত। ইয়াৰ লগতে এই অত্যাধুনিক বাহনখনত এটা পেনোৰামিক স্কাইৰুফটিএম, এডভান্সড লেভেল ২ এডাছ আৰু এটা হাৰমান কাৰ্ডন ৯-স্পীকাৰ চিষ্টেমৰ সুবিধা প্ৰদান কৰা হৈছে।

অহা ৩ অক্টোবৰৰ পৰা বাহনখনৰ বাবে আৰম্ভ হ’ব বুকিং, ১৪ ছেপ্টেম্বৰৰ পৰা টেষ্ট ড্ৰাইভ কৰিব পাৰিব। মহিন্দ্ৰাই অহা ৩-৫ বছৰৰ ভিতৰত থাৰ ৰক্সক নিজৰ ছেগমেণ্টৰ ১নং এছইউভি হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈছে।