বাউমা কনএক্সপোত মহিন্দ্ৰাই মুকলি কৰিলে অত্যাধুনিক চিইভি-ভি ৰেঞ্জৰ নিৰ্মাণ সঁজুলি

10

মহিন্দ্ৰা গ্ৰুপৰ অন্যতম অংশ মহিন্দ্ৰা নিৰ্মাণ সঁজুলি বিভাগে (এমচিই) উদ্ভাৱন আৰু নিৰ্ভৰযোগ্যতাৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতি প্ৰদৰ্শন কৰি বাউমা কনএক্সপো ২০২৪-ত নিজৰ শেহতীয়া সামগ্ৰী আৰু অফাৰসমূহ মুকলি কৰিছে। নিৰ্মাণ সঁজুলিৰ নতুন চিইভি৫ পৰিসৰে নিজৰ  নিজৰ শ্ৰেণীৰ মানদণ্ডবোৰ ন ৰূপত নিৰ্ধাৰণ কৰিবলৈ, উন্নত সুবিধা প্ৰদান কৰিবলৈ আৰু শেহতীয়া উদ্যোগৰ নিয়মাৱলী অনুসৰণ কৰি পৰাকৈ প্ৰস্তুত কৰা হৈছে।

ইণ্ডিয়া এক্সপো চেণ্টাৰৰ মহিন্দ্ৰা পেভিলিয়নত ৰোডমাষ্টাৰ আৰু আৰ্থমাষ্টাৰৰ দৰে মহিন্দ্ৰা বিএছভিৰ নিৰ্মাণ সঁজুলিৰ সমগ্ৰ পৰিসৰৰ লগতে নিৰ্মাণ খণ্ডৰ বাবে বিস্তৃত ট্ৰাক ৰেঞ্জ – ব্লেজো এক্স ৪৮ চিএলএছ ১০x৪ টিপাৰ, ব্লেজো এক্স এম-ড্যুৰা ৩৫ ৮x৪ টিপাৰ, ৭.৫ তথা কেপাচিটি ড্ৰামৰ সৈতে ব্লেজোx ২৮ ট্ৰেনজিট মিক্সাৰ, ফুৰিঅ’ ৬কেএল ক্ষমতাৰ ১০টা ফুৱেল ব’জাৰ আৰু বলেৰে কেম্পাৰ আৰু মেক্স পিক-আপ প্ৰদৰ্শিত হৈছিল।

 এই অনুষ্ঠানত নিজৰ অভিমত প্ৰকাশ কৰি মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা লিমিটেডৰ ট্ৰাক এণ্ড বাছ এণ্ড কনষ্ট্ৰাকচন ইকুইপমেণ্ট শিখাৰ ব্যৱসায়িক মুৰব্বী ড0 ভেংকট শ্ৰীনিবাসে কয় যে, “অপাৰেটৰৰ উৎপাদনশীলতা বৃদ্ধি কৰিবলৈ এই পৰিসৰ বিশেষভাৱে এটা বৃহৎ, অধিক আৰামদায়ক কেবিনৰ সৈতে সজ্জিত।” নিৰ্মাণ সঁজুলিৰ নতুন চিইভি৫ ৰেঞ্জ:  চিইভি৫ নিৰ্গমন মানদণ্ডৰ সৈতে ৭৪ এইচপি এণ্ড ১০২ এইচপি ইঞ্জিনৰ বৰ্ধিত শক্তিৰ সৈতে বৰ্তমানৰ আৰ্থমাষ্টাৰ—বেকহ’ লোডাৰ আৰু ৰোডমাষ্টাৰ—মটৰ গ্ৰেডাৰলৈ উন্নীতকৰণ।