ভাৰতৰ ১ নং ইলেক্ট্ৰিক ৩ চকীয়া বাহন নিৰ্মাতা মহিন্দ্ৰা লাষ্ট মাইল মবিলিটি (এলএমএম)য়ে বিত্তীয় বৰ্ষ ২৩ত ১৪.৬% বজাৰ অংশীদাৰিত্ব লাভ কৰি ৩৬৮১৬খন ইভি বিক্ৰী কৰি নিজৰ স্থান বজাই ৰাখিছে।
কোম্পানীটোৰ বিস্তৃত ১১৫০ টা টাচপইণ্ট, ১০,০০০+ চাৰ্জিং ষ্টেচন, আৰু ব্ৰেণ্ডৰ নিৰ্ভৰযোগ্যতাই ইয়াৰ স্থান বজাই ৰখাত সহায় কৰিছে। এলএমএমৰ ইলেক্ট্ৰিক পৰ্টফলিঅ’ত ট্ৰেঅ’ ৰেঞ্জ, আলফাছ – মিনি আৰু কাৰ্গো অন্তৰ্ভুক্ত কৰা হৈছে আৰু ই ১ লাখৰো অধিক ইভি বিক্ৰী কৰিছে।
কোম্পানীটোৰ লি-আয়ন চালিত ট্ৰেঅ’ই আগশাৰীৰ ইলেক্ট্ৰিক অটো হৈয়ে আছে, আনহাতে ইয়াৰ কাৰ্গো সংস্কৰণ ট্ৰেঅ’ জোৰ আৰু জোৰ গ্ৰেণ্ডৰ ৩২% অংশীদাৰিত্ব আছে। এল এম এম-এ নিজৰ ট্ৰেঅ’ অটো লাইন আৰু জাহীৰাবাদ প্লাণ্ট সম্প্ৰসাৰণ কৰি শেষ মাইলৰ গতিশীলতাৰ বাবে ইলেক্ট্ৰিক ৩ আৰু ৪ চকীয়া বাহন নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে।