মহিন্দ্ৰা ফাৰ্ষ্ট চইচ হুইলছে ৭৫ খন দোকান মুকলি কৰিছে

236

ভাৰতৰ আগশাৰীৰ মাল্টি-ব্ৰেণ্ড পূৰ্ব-মালিকানাধীন কাৰ ৰিটেইলাৰ মহিন্দ্ৰা ফাৰ্ষ্ট চইচ হুইলছ লিমিটেডে (এমএফচিডব্লিউএল) ভাৰতৰ টায়াৰ ১/২/৩ চহৰত ৭৫ টা নতুন অত্যাধুনিক ফ্ৰেঞ্চাইজি দোকান মুকলি কৰিছে। এই নতুন দোকানবোৰযোগে এতিয়া সংগঠিত ব্যৱহৃত গাড়ী খণ্ডত এমএফচিডব্লিউএলৰ বজাৰ নেতৃত্ব শক্তিশালী কৰিছে। এম.এফ.চি.ডব্লিউ.এল.-এ কেৰালা, কৰ্ণাটক, জম্মু আৰু কাশ্মীৰ, দিল্লী, উত্তৰ প্ৰদেশ, ছত্তিশগড়, উত্তৰাখণ্ড, ৰাজস্থান, হাৰিয়ানা, পঞ্জাৱ, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ, গুজৰাট, পশ্চিম বংগ, ঝাৰখণ্ড, অসম, তামিলনাডু আৰু অন্ধ্ৰ প্ৰদেশত দোকান যোগ দিছে। এই দোকানবোৰ যোগ দিয়াৰ লগে লগে এমএফচিডব্লিউএলৰ এতিয়া সমগ্ৰ ভাৰতত ১১০০ তকৈও অধিক দোকানৰ এক শক্তিশালী নেটৱৰ্ক আছে।

নতুনকৈ মুকলি কৰা দোকানখন হৈছে নলবাৰীৰ মহাবীৰ এণ্টাৰপ্ৰাইজেছ। নতুন মহিন্দ্ৰা ফাৰ্ষ্ট চইচ ষ্টোৰে এমএফচিডব্লিউএল ব্ৰেণ্ডে প্ৰতিনিধিত্ব কৰা সকলো সুবিধা আৰু সেৱা আগবঢ়াব যাৰ ভিতৰত আছে প্ৰমাণিত ব্যৱহৃত-গাড়ী বিক্ৰী, মহিন্দ্ৰা প্ৰমাণিত ব্যৱহৃত গাড়ীৰ ৱাৰেণ্টি, সহজ বিত্ত, অসুবিধা-মুক্ত আৰটিঅ’ স্থানান্তৰ আৰু সৰ্বোত্তম গ্ৰাহকৰ অভিজ্ঞতা। গুৱাহাটীৰ উপভোক্তাসকলে এতিয়া নতুনকৈ মুকলি কৰা দোকানবোৰৰ পৰা পূৰ্ব-মালিকানাধীন বাহন এখন ক্ৰয় কৰাৰ সপোন পূৰণ কৰিব পাৰে।