দেশৰ আগশাৰীৰ প্ৰতিষ্ঠান মণিপাল একাডেমী অৱ হায়াৰ এডুকেচন(এমএএইছই)ৰ এণ্টেৰিক ডিজিজ ডিভিজনৰ মাইক্ৰ’বায়’ম ৱৰ্কিং গ্ৰুপৰ এক অধ্যয়নে পাৰ্কিনছন ৰোগৰ গৱেষণাৰ ক্ষেত্ৰত ভাৰতক গ্লবেল মানচিত্ৰত সুকীয়া স্থান দিছে।
এই গৱেষণাই আন্ত্ৰিক মাইক্ৰ’বায়’ম আৰু পাৰ্কিনছন ৰোগৰ মাজৰ সম্পৰ্ক অন্বেষণ কৰিছে, যি মূলতঃ বৃদ্ধ লোকসকলক প্ৰভাৱিত কৰা এই স্নায়ুৰ অৱক্ষয় হোৱা বিকাৰগ্ৰস্ততাক বুজিবলৈ কৰা এক জটিল পদক্ষেপ। সমগ্ৰ পৃথিৱীৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক সচৰাচৰ হোৱা নিউৰোডিজেনাৰেটিভ বিকাৰগ্ৰস্ততা, শৰীৰত কঁপনি, পেশীৰ জঠৰতা আৰু ভাৰসাম্য হ্ৰাস হোৱাৰ দৰে লক্ষণসমূহ দেখা যায়। বৰ্তমান ইয়াৰ কোনো স্থায়ী চিকিৎসা বা নিৰাময় নাই, এই ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত লক্ষণসমূহ হ্ৰাস বা উপশম কৰা আৰু জীৱনৰ মানদণ্ড উন্নত কৰাত গুৰুত্ব দিয়া হৈছে।
শেহতীয়া গৱেষণাই পাৰ্কিনছন ৰোগৰ বিকাশ আৰু অগ্ৰগতিৰ ক্ষেত্ৰত গাট ডিছবায়’ছিছৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰিছে। ডাঃ মামাথা বাল্লালৰ নেতৃত্বত গঠিত এই দলটোৱে পাৰ্কিনছন ৰোগত আক্ৰান্ত ৰোগীৰ আন্ত্ৰিক বেক্টেৰিয়াৰ স্বাস্থ্য এজন সুস্থ ব্যক্তিৰ তুলনাত স্পষ্টভাৱে পৃথক বুলি প্ৰমাণ উলিয়াইছে, যাৰ ফলত এই ৰোগৰ বিকাশ আৰু অগ্ৰগতিৰ বিষয়ে নতুন তথ্য পোহৰলৈ আহিছে। এই গৱেষণা ভাৰতীয় বিজ্ঞানক্ষেত্ৰৰ বাবে এক মাইলৰ খুঁটি আৰু আন্তঃৰাষ্ট্ৰীয় পাৰ্কিনছন গৱেষণা সম্প্ৰদায়লৈ যোগ দিলে মূল্যৱান তথ্য।
