মহাৰাষ্ট্ৰ চৰকাৰৰ “কোভিড-ফ্ৰী ভিলেজ” প্ৰতিযোগিতা মুকলি

119

মহাৰাষ্ট্ৰই আজি ৰাজ্যখনৰ গ্ৰাম্য অঞ্চলসমূহত কোভিড-১৯ৰ বিস্তাৰ ৰোধ কৰাৰ পদক্ষেপসমূহক উৎসাহিত কৰাৰ লক্ষ্যৰে গাওঁসমূহৰ বাবে প্ৰতিযোগিতাৰ ঘোষণা কৰে।
মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়ে শেহতীয়াকৈ ভাইৰেল সংক্ৰমণবিয়পা বন্ধ কৰিবলৈ কিছুমান গাওঁৰ প্ৰচেষ্টাক প্ৰশংসা কৰিছিল আৰু “মাই ভিলেজ কৰোনা ফ্ৰী” উদ্যোগৰ ঘোষণা কৰিছিল। গ্ৰামোন্নয়ন মন্ত্ৰী হাছান মুছৰিফে এক বিবৃতিত কয় যে “কোভিড ফ্ৰী ভিলেজ” প্ৰতিযোগিতাখন মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা পদক্ষেপৰ অংশ।

প্ৰতিটো ৰাজহ বিভাগত কোভিড-১৯ ব্যৱস্থাপনাত ভাল কাম কৰাৰ বাবে তিনিখন গাওঁ পঞ্চায়তক পুৰস্কৃত কৰা হ’ব। প্ৰথম পুৰস্কাৰ টো হ’ব ৫০ লাখ, দ্বিতীয় ২৫ লাখ আৰু তৃতীয় টো হ’ব ১৫ লাখ টকা। ৰাজ্যখনত ছয়টা ৰাজহ বিভাগ আছে যাৰ অৰ্থ হৈছে ইয়াত সৰ্বাধিক ১৮ টা পুৰস্কাৰ থাকিব। মুঠ পুৰষ্কাৰৰ ধন হৈছে ৫.৪ কোটি টকা।
প্ৰতিযোগিতাখনত জয়ী হোৱা গাওঁসমূহেও উৎসাহ হিচাপে পুৰষ্কাৰৰ ধনৰ সমান অতিৰিক্ত পৰিমাণ লাভ কৰিব, আৰু ইয়াক সেই গাওঁবোৰত উন্নয়নমূলক কামৰ বাবে ব্যৱহাৰ কৰা হ’ব বুলি মন্ত্ৰীজনে কয়। অংশগ্ৰহণকাৰী গাওঁসমূহৰ বিচাৰ ২২ টা চৰ্তৰ ওপৰত কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে গাওঁসমূহৰ বিচাৰৰ বাবে এখন সমিতিও গঠন কৰা হ’ব।