ভাৰতত বিক্ৰী হৈছে ‘মেড ইন ইণ্ডিয়া’ গেলেক্সি এছ ২৪ ছিৰিজ মোবাইল

582

আজিৰে পৰা ভাৰতত বিক্ৰীৰ বাবে মুকলি হৈছে ‘মেড ইন ইণ্ডিয়া’ গেলেক্সি এছ ২৪ ছিৰিজ মোবাইল ফোন। ভাৰতৰ চেমচাঙৰ নয়ডাস্থিত কাৰখানাত নিৰ্মাণ কৰা হৈছে গেলেক্সি এছ ২৪ ছিৰিজ। চেমচাঙে গেলেক্সি এছ ২৪ ছিৰিজৰ অভিলেখসংখ্যক প্ৰি-বুকিং লাভ কৰি ভাৰতত এতিয়ালৈকে সৰ্বাধিক সফল এছ ছিৰিজ হিচাপে পৰিগণিত হৈছে। এই ছিৰিজে উন্নীত ছেভেন জেনেৰেচনৰ অপাৰেটিং ছিষ্টেম আৰু ৭ বছৰৰ চিকিউৰিটী আপডেটৰ সৈতে প্ৰডাক্টৰ লাইফ চাইকেল বৃদ্ধিৰ বাবে চেমচাঙৰ প্ৰতিশ্ৰুতি অব্যাহত ৰাখিছে।

এই ছিৰিজত অন্তৰ্ভুক্ত আছে লাইভ ট্ৰেন্সলেট(পোনপটীয়া অনবাদ, ইণ্টাৰপ্ৰিটাৰ(দোভাষী), চেট এচিষ্ট(বাৰ্তা সহায়ক), নোট এচিষ্ট(টোকা সমৰ্থন) আৰু ট্ৰেন্সক্ৰিপ্ট এচিষ্টৰ সুবিধা আছে চেমচাং কীব’ৰ্ডত, য’ত এআইৰ আধাৰত প্ৰস্তুত কীব’ৰ্ডখনে ১৩টা ভাষালৈ বাস্তৱ-সময়ত বাৰ্তা অনুবাদ কৰিব পাৰে। ই গুগলৰ সৈতে স্বজ্ঞাত ‘চাৰ্কল টু চাৰ্চ’ সুবিধা প্ৰদান কৰি চাৰ্চ হিষ্টৰী(সন্ধানৰ ইতিহাস)ত এটা মাইলৰ খুঁটি চিহ্নিত কৰিছে। প্ৰ’ভিজুৱেল ইঞ্জিনে ইমেজ-কেপচাৰিং ক্ষমতাক ৰূপান্তৰিত কৰে আৰু সৃষ্টিশীল স্বতন্ত্ৰতাক সৰ্বাধিক কৰি তুলিছে।

গেলেক্সি এছ২৪ আল্ট্ৰাত আছে নতুন ৫গুণ অপ্টিকেল জুম লেন্স, বৰ্ধিত ডিজিটেল জুম আৰু আপগ্ৰেড কৰা নাইটগ্ৰাফীৰ ক্ষমতা। এই ছিৰিজে উন্নত প্ৰদৰ্শনৰ বাবে গেলেক্সি এআই এডিটিং সঁজুলি, তাৎক্ষণিক শ্ল’-মো, চুপাৰ এইচডিআৰ আৰু ১.৯ গুণ ডাঙৰ ভেপাৰ চেম্বাৰ প্ৰদান কৰে। গুৰুত্বপূৰ্ণ তথ্য সুৰক্ষিতভাৱে ৰাখিবলৈ আৰু দুৰ্বলতা নোহোৱা কৰি নিৰাপদে ৰখাৰ বাবে চেমচাং নক্সৰ দ্বাৰা গেলেক্সি এছ২৪ ছিৰিজক সুৰক্ষিত কৰা হৈছে।