লুমিনাছ পাৱাৰ টেকন’লজিছে টি-২০ প্ৰিমিয়াৰ লীগৰ ১৮সংখ্যক ছিজনৰ বাবে টাইটেল পাৰ্টনাৰ হিচাপে ৰাজস্থান ৰয়েলছৰ সৈতে নিজৰ অংশীদাৰিত্ব শক্তিশালী কৰিছে, যিয়ে দেশজোৰা সৌৰ শক্তি ব্যৱহাৰ বৃদ্ধিৰ প্ৰতি নিজৰ দায়বদ্ধতা শক্তিশালী কৰিছে। এই অনুষ্ঠানত ৰাজস্থান ৰয়লেছৰ তাৰকা খেলুৱৈ সঞ্জু চেমছন, নিতীশ ৰাণা আৰু তুষাৰ দেশপাণ্ডে আৰু লুমিনাছ পাৱাৰ টেকন’লজিৰ প্ৰতিনিধিসকলৰ উপস্থিতিত অত্যাধুনিক সৌৰ আৰু উন্নত শক্তি সমাধানসমূহ মুকলি কৰা হয়, যাৰ ভিতৰত আছে ইভিঅ ‘ইনভাৰ্টাৰ ছিৰিজ, জেলিঅ’ এছ ইনভাৰ্টাৰ ছিৰিজ, ইঅ’এন টপকন ছলাৰ পেনেল আৰু উদ্যোগৰ প্ৰথম এম্পবক্স জেল বেটাৰী প্ৰযুক্তি-যি যিকিনো ভাৰতীয় বতৰতে উন্নত দক্ষতা আৰু দীৰ্ঘস্থায়িত্ব হোৱাকৈ ডিজাইন কৰা হৈছে।
ডিজিটেল আউটৰিচ, অন-গ্ৰাউণ্ড সক্ৰিয়কৰণ আৰু সংবাদ মাধ্যমৰ সংযোগৰ জৰিয়তে খৰচ আৰু আস্থাৰ উদ্বেগক সমাধান কৰি লুমিনাছে নিজকে “ভাৰতৰ সৌৰ বিশেষজ্ঞ” হিচাপে প্ৰতিষ্ঠা কৰিবলৈ ৩৬০ ডিগ্ৰী বিপণন অভিযান আৰম্ভ কৰিছে। কোম্পানীটোৰ #PinkPromise পদক্ষেপ ৰূপে আগন্তুক আইপিএলৰ এখন মেচত প্ৰতিটো ছিক্স(ছয় ৰান) কোবোৱাৰ লগে লগে সম্ভাৰ অঞ্চলৰ ছটা ঘৰক সৌৰ শক্তি প্ৰদান কৰা হ’ব, যাৰ প্ৰতীক হ’ব বিশেষ অল-পিংক জাৰ্চি।
বিদ্যুৎ ব্যয় ক্ৰমান্বয়ে বাঢ়িছে, গুৱাহাটীও সৌৰ শক্তি সমাধানৰ এক প্ৰধান বজাৰ হিচাপে প্ৰতিষ্ঠিত হৈছে। লুমিনাছৰ সম্প্ৰসাৰণ আৰু আগ্ৰাসী বিপণনে ব্যৱসায় আৰু ঘৰৰ গৰাকীসকলৰ মাজত ছাদত সৌৰ শক্তি(চলাৰ) গ্ৰহণ ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছে, যাৰ ফলত অঞ্চলটোত বহনক্ষম শক্তিৰ ব্যৱহাৰ বৃদ্ধি হ’ব। লুমিনাছৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতি বাজাজে বহনক্ষমতাত ক্ৰীড়াৰ প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰে, আনহাতে ৰাজস্থান ৰয়েলছৰ মুখ্য কাৰ্যবাহী বিষয়া জেক লুছ মেকক্ৰুমে স্বচ্ছ শক্তিৰ সজাগতা বৃদ্ধিত সহযোগিতাৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে। উদ্ভাৱন আৰু কৌশলগত অংশীদাৰিত্বৰ জৰিয়তে লুমিনাছৰ লক্ষ্য হৈছে ভাৰতৰ সৌৰ পৰিৱৰ্তনৰ নেতৃত্ব দিয়া।