লামডিঙত আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ সফলতা ৷ লামডিং লংকা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ বৃহৎ পৰিমাণৰ হে’ৰইন ৷ শিলচৰৰ দিশলৈ লামডিং হৈ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে গৈ থকা অৱস্থাত দুজন ড্ৰাগছ সৰৱৰাহকাৰী সহ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে লামডিং আৰক্ষীয়ে ৷লামডিং আৰক্ষীয়ে হোজাই জিলা আৰক্ষীৰ সহযোগত গোপন সূত্ৰৰ পম খেদি অভিযান চলাই লামডিং লংকা ২৭নং ৰাষ্ট্ৰীয় পৰা হে’ৰইন সহ দুইজন যুৱকক আটক কৰিবলৈ সক্ষম হয়।
আনহাতে এখন বাহনৰ পৰা আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি এজন সৰৱৰাহকাৰী পলাই যাবলৈ সক্ষম হয়
গ্ৰেপ্তাৰ কৰা যুৱক জনৰ নাম ছাহিদ আহমেদ মজুমদাৰ, ৰাহানুৰ ইছলাম ৷
যুৱক দুজন শিলচৰ বাসিন্দা বুলি জানিব পৰা গৈছে৷
যুৱক জনৰ পৰা ৫০ টা চাবোনৰ বাকচত বৃহৎ পৰিমাণৰ হে’ৰইন জব্দ কৰিবলৈ সক্ষম হয় ।
