গেছ চিলিণ্ডাৰৰ পৰা আৰম্ভ কৰি পেট্ৰল-ডিজেললৈকে সকলোৰে দাম আজিৰ দিনটোতে নিৰ্ধাৰণ কৰা হয়। এইবোৰৰ বাহিৰেও আজি অৰ্থাৎ ১ মে’ৰ পৰা বহু আৰ্থিক পৰিৱৰ্তন ঘটিছে, যাৰ প্ৰত্যক্ষ প্ৰভাৱ আপোনাৰ পকেটত পৰিব।দেশত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম ৭ মাহৰ নিম্নতম অৰ্থাৎ ১৭০০ টকাৰ তললৈ নামি আহিছে। কিন্তু একেৰাহে দ্বিতীয় মাহৰ বাবে হ্ৰাস কৰা হৈছে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম। আনহাতে যোৱা মাহৰ ৮ তাৰিখে ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য ৫০ টকাকৈ বৃদ্ধি পাইছিল। এই কথা ঘোষণা কৰিছে দেশৰ পেট্ৰলিয়াম মন্ত্ৰীয়ে। ১ মে’ত ১৯ কেজি ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ হাৰ ১৭ টকা পৰ্যন্ত হ্ৰাস কৰা হৈছে।
