স্পেইনৰ লা নুচিয়াত ২ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া বক্সাম আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ৩৩ জনীয়া ভাৰতীয় বক্সিং দলটোক নেতৃত্ব দিব টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলিনা বৰগোহাঁইয়ে। অৱশ্যে ছিজনৰ এই প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰে কেইবাগৰাকীও শীৰ্ষ মহিলা বক্সাৰে। এই প্ৰতিযোগিতাখন ভাৰতৰ বাবে ব্যস্ত বছৰৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা হ’ব, য’ত কমনৱেলথ গেমছ আৰু এছিয়ান গেমছ অন্তৰ্ভুক্ত। ভাৰতীয় বক্সিং ফেডাৰেচনৰ বাছনি নীতি অনুসৰি সদ্য সমাপ্ত ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ পৰা শীৰ্ষ দুগৰাকীক অলিম্পিক ওজন শাখাত নিৰ্বাচিত কৰা হৈছে, আনহাতে অ-অলিম্পিক শাখাত ৰূপৰ পদক বিজয়ীয়ে দেশক প্ৰতিনিধিত্ব কৰিব। দুবাৰৰ বিশ্ব চেম্পিয়ন নিখাত জৰীনে (৫১ কেজি) আৰু বৰ্তমানৰ বিশ্ব চেম্পিয়ন মীনাক্ষী হুদা (৪৮ কেজি) আৰু জেচমিন লেম্বৰিয়া (৫৭ কেজি) এই প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰে।
মাৰ্চৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া এছিয়ান চেম্পিয়নশ্বিপৰ প্ৰস্তুতিৰ ওপৰত গুৰুত্ব দিবলৈ নিখাতে প্ৰতিযোগিতাখনৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত লোৱাৰ বিপৰীতে জেচমিন আৰু বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জৰ পদক বিজয়ী পাৰবীন হুদা (৬০ কেজি) ক্ৰমে কান্ধ আৰু কঁকালৰ আঘাতৰ পৰা সুস্থ হৈ উঠা নাই।মীনাক্ষী আৰু বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জৰ পদক বিজয়ী পূজা ৰাণীয়ে (৮০ কেজি) এছিয়ান চেম্পিয়নশ্বিপৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিব। দুয়োজনে ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত অ-অলিম্পিক ওজন শাখাত স্বৰ্ণ পদক লাভ কৰে।
লাভলিনা (৭৫ কেজি)ৰ লগতে মহিলা দলটোত আছে ২০২৩ চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ স্বৰ্ণ পদক বিজয়ী নীতু ঘাঘাছ (৫১ কেজি), এছিয়ান গেমছৰ ব্ৰঞ্জৰ পদক বিজয়ী প্ৰীতি পাৱাৰ (৫৪ কেজি), আৰু বিশ্বকাপৰ স্বৰ্ণ পদক বিজয়ী অৰুন্ধতী চৌধাৰী (৭০ কেজি)। চলিত মাহৰ আৰম্ভণিতে ৰাষ্ট্ৰীয় শিবিৰত যোগদান কৰা নৱনিযুক্ত মহিলাৰ মুখ্য প্ৰশিক্ষক তথা প্ৰাক্তন উচ্চ প্ৰদৰ্শন পৰিচালক ছান্টিয়াগো নিভাও দলটোৰ সৈতে যাত্ৰা কৰিব। এইখন হ’ব তেওঁৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা।পুৰুষৰ শাখাত ২০২৩ চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জৰ পদক বিজয়ী মহম্মদ হুছামুদ্দিন (৫৭ কেজি) দীৰ্ঘদিনীয়া আঘাতৰ বাবে ছুটীৰ পিছত পুনৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ উভতি আহিব। ২০২৪ চনৰ মাৰ্চ মাহত তেওঁ শেষবাৰৰ বাবে অলিম্পিক কোৱালিফায়াৰত অংশগ্ৰহণ কৰিছিল। তেওঁৰ সৈতে আছে বিশ্বকাপৰ পদক বিজয়ী যদুমণি সিং (৫৫ কেজি), পৱন বৰথৱাল (৫৫ কেজি), শচীন ছিৱাচ (৫৭ কেজি), অবিনাশ জামৱাল (৬৫ কেজি) আৰু হিতেশ গুলিয়া (৭০ কেজি)।
