কাৰাগাৰৰ পৰা ১৫ দিনীয়া বিশেষ পেৰ’লত মুক্তি লাভ কৰাৰ পাছতেই যুগ্ম জীৱনৰ পাতনি মেলিলে দুই কুখ্যাত হত্যাকাৰী প্ৰিয়া শেঠ আৰু হনুমান প্ৰসাদ চৌধুৰীয়ে। ৰাজস্থানৰ আলৱাৰৰ এক হোটেলত অতি গোপনীয়তাৰে বিবাহপাশত আৱদ্ধ হ’ল দুয়োগৰাকী দোষী সাব্যস্ত হত্যাকাৰী। ৰাজস্থানৰ পালি জিলাৰ কুখ্যাত হত্যাকাৰী প্ৰিয়া শেঠ আৰু আলৱাৰৰ হনুমান প্ৰসাদ চৌধুৰীয়ে আদালতৰ পৰা বিবাহৰ অনুমতি লৈ বসন্ত পঞ্চমীৰ পবিত্ৰ দিনটোত হিন্দু ৰীতি-নীতিৰে এই যুগ্ম জীৱনৰ যাত্ৰা আৰম্ভ কৰিছে।
উল্লেখ্য যে, জয়পুৰ মুকলি কাৰাগাৰত বন্দী হৈ থকাৰ সময়তে প্ৰেমৰ সম্পৰ্কত আৱদ্ধ হোৱা এই দুই কয়দীয়ে পৰিয়ালৰ সন্মতি সাপেক্ষে বিবাহৰ বাবে আবেদন জনাইছিল। পূৰ্বে জয়পুৰত এই বিবাহৰ আয়োজন কৰাৰ কথা আছিল যদিও সংবাদ মাধ্যম আৰু ৰাজহুৱা দৃষ্টিৰ পৰা আঁতৰি থাকিবলৈ শেষ মুহূৰ্তত আলৱাৰৰ এখন হোটেললৈ বিবাহৰ স্থান স্থানান্তৰ কৰা হয়। অতি সীমিত সংখ্যক আত্মীয়ৰ উপস্থিতিত অনুষ্ঠিত এই বিয়াত ফটো তোলা বা মোবাইল ফোন ব্যৱহাৰৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।
প্ৰণিধানযোগ্য যে, প্ৰিয়া শেঠ ২০১৮ চনত টিণ্ডাৰৰ জৰিয়তে চিনাকি হোৱা দুষ্মন্ত শৰ্মা নামৰ এজন যুৱকক অপহৰণ কৰি হত্যা কৰাৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হৈ আছে। আনহাতে, হনুমান চৌধুৰীয়ে ২০১৭ চনত নিজৰ বিবাহ বৰ্হিভূত সম্পৰ্কৰ বাবে পত্নী আৰু চাৰি সন্তানক নিৰ্মমভাৱে হত্যা কৰি কাৰাবাস খাটি আছে। বিবাহৰ বাবে নিৰ্ধাৰিত ১৫ দিনীয়া পেৰ’লৰ সময়সীমা শেষ হোৱাৰ পাছতেই দুয়ো পুনৰ কাৰাগাৰলৈ উভতি যাব লাগিব বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে।
