আপুনি হয়তো প্ৰেমৰ লগত জড়িত বিভিন্ন কাহিনী শুনিছে। শেহতীয়াকৈ এনে এক কাহিনী পোহৰলৈ আহিছে যিয়ে আচৰিত কৰিব আপোনাক। এগৰাকী ননদে বোয়েকক পলুৱাই লৈ যায়।মোৰ ভগ্নীয়ে মোৰ পত্নীক পলুৱাই লৈ গৈছে- এই ডাঙৰ অভিযোগ এগৰাকী মহিলাৰ স্বামীৰ। তেওঁ অভিযোগ কৰে যে, পত্নী আৰু তেওঁৰ ভগ্নীৰ মাজত সম্পৰ্ক অতি ঘনিষ্ঠ হৈ পৰিছিল। পাছত দুয়ো একেলগে থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। কিন্তু হঠাতে এতিয়া তেওঁৰ পত্নী নিৰুদ্দেশ হৈ পৰিছে। ইফালে ভগ্নী ঘৰলৈ উভতি আহিছে। এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ জবলপুৰত। ৩০ বছৰীয়া আশুতোষ বংশালে প্ৰায় সাত বছৰ পূৰ্বে সন্ধ্যা নামৰ যুৱতীগৰাকীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। পৰৱৰ্তী সময়ত তেওঁলোকে চাকৰিসূত্ৰে ভাড়াঘৰত থাকিবলৈ লয়। কিন্তু তেতিয়াই তেওঁলোকৰ ঘৰলৈ আশুতোষৰ মোমায়েকৰ ভগ্নী মানসী আহিবলৈ আৰম্ভ কৰে। লাহে লাহে সন্ধ্যাৰ সৈতে মানসীৰ ঘনিষ্ঠতা বৃদ্ধি পাই আহে। এই ক্ষেত্ৰত আশুতোষেও কোনো সন্দেহ কৰা নাছিল। কিন্তু হঠাতে এদিন ১৩ আগষ্টৰ পুৱা দুয়ো নিৰুদ্দেশ হয়।আশুতোষে দিন-ৰাতি পত্নীক বিচাৰে যদিও কোনো খবৰ লাভ নকৰে। পাছত নিজে নিজে আহি ঘৰত উপস্থিত হয় সন্ধ্যা আৰু মানসী। কেইটামান দিন সকলো স্বাভাৱিক আছিল যদিও পুনৰ ২২ আগষ্টত দুয়ো নিৰুদ্দেশ হয়। সেই সময়ত আশুতোষৰ সন্দেহ ওপজে। যাৰ বাবে তেওঁ সন্ধ্যাই এৰি যোৱা ফোনটো চেক কৰে। যেতিয়া আশুতোষে বৌয়েক আৰু ভগ্নীৰ মেছেজ দেখা পাই তেতিয়া আচৰিত হৈ পৰে। কিয়নো দুয়োৰে মাজত আছিল প্ৰেমৰ সম্পৰ্ক। পলাই যোৱাৰ পৰিকল্পনা দুয়ো কৰিছিল।
