লছ এঞ্জেলছ ২০২৮ অলিম্পিকৰ সম্পূৰ্ণ সূচী প্ৰকাশ কৰা হৈছে। ১৪ জুলাইৰ পৰা আৰম্ভ হ’ব এই প্ৰতিযোগিতা। ১০০ বছৰৰ পাছত পুনৰ অলিম্পিকলৈ ঘূৰি আহিছে ক্ৰিকেট। খেলখনৰ বাবে সকলো ইভেণ্ট ১২ জুলাইৰ পৰা আৰম্ভ হ’ব। ২৯ জুলাইত অনুষ্ঠিত হ’ব ফাইনেল। লছ এঞ্জেলছ ২০২৮ ৰ চিইঅ’ ৰেইনল্ড হুভাৰে কয় যে ২০২৬ চনৰ জানুৱাৰী মাহত টিকট পঞ্জীয়ন মুকলি হ’ব। লছ এঞ্জেলছ ২০২৮ হ’ব এতিয়ালৈকে হোৱা সৰ্ববৃহৎ অলিম্পিক। ৩৬টা ভিন্ন ক্ৰীড়া অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাখনৰ বাবে ৪৯টা স্থান আৰু ১৮টা জ’ন (লছ এঞ্জেলছ আৰু ওকলাহোমা চহৰত) নিৰ্ধাৰণ কৰা হৈছে।
১৪ জুলাইত মুকলি অনুষ্ঠান, আৰু ৩০ জুলাইত সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব।লছ এঞ্জেলছত অনুষ্ঠিত হ’বলগীয়া প্ৰথমটো সোণৰ পদক ইভেণ্ট হ’ব ট্ৰাইএথলন, যিটো ২০০০ চনৰ ছিডনীৰ দৰেই।মহিলা ট্ৰাইএথলনে এল এ ২৮ৰ বাবে প্ৰথমগৰাকী স্বৰ্ণ পদক বিজয়ী নিৰ্ধাৰণ কৰিব। ভেনিচ বিচত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখন প্ৰথম সপ্তাহত এথলেটিকছ আৰু দ্বিতীয় সপ্তাহত সাঁতোৰ অনুষ্ঠিত হ’ব। অলিম্পিকৰ ইতিহাসত প্ৰথমবাৰৰ বাবে প্ৰতিটো দলীয় খেলতে মহিলা দলৰ সংখ্যা পুৰুষৰ সমান বা তাতকৈ বেছি হ’ব। মুঠ খেলুৱৈৰ ৫০.৫ শতাংশ মহিলা হ’ব। এইটোৱেই হ’ব এতিয়ালৈকে হোৱা সৰ্ববৃহৎ মহিলা প্ৰতিনিধিত্ব।
অলিম্পিকৰ প্ৰথম দিনটোত মহিলাৰ ট্ৰাইএথলন, ১০০ মিটাৰ আৰু শ্বট পুট (এথলেটিকছ), জুডো (৪৮ কেজি), ফেন্সিং, কয়াক চিংগলছ, ৰাগবী চেভেন আৰু ১০ মিটাৰ এয়াৰ ৰাইফলৰ দৰে ইভেণ্টত সোণৰ পদক নিৰ্ধাৰণ কৰা হ’ব।২০২৮ চনৰ অলিম্পিকৰ ১৫ নম্বৰ দিনত সৰ্বাধিক ফাইনেল অনুষ্ঠিত হ’ব। ১৫ নম্বৰ দিনত দলীয় ক্ৰীড়া আৰু ১৫ টা ব্যক্তিগত ক্ৰীড়াৰ পদক মেচকে ধৰি ২৩খন খেলৰ মাজেৰে ২৬খন ফাইনেল অনুষ্ঠিত হ’ব।
