নীপকোৱে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত জলৰাশি এৰি দিয়াৰ ফলত জলপ্ৰলয়ৰ সৃষ্টি হৈছে লখিমপুৰ জিলাত । শুকুৰবাৰৰ পৰাই জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰিবলৈ আৰম্ভ কৰিছিল নীপকোৱে । প্ৰথমে এক আৰু দুই নং গে’ট খুলি দিয়াৰ পাছত যোৱা নিশা ৪ খন গে’টেৰে পানী এৰি দিয়ে নীপকোৱে । ফলত লখিমপুৰ জিলাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে ।প্ৰায় ২৩০ খন গাঁও বানৰ কবলত পৰা বুলি জানিব পৰা গৈছে ।
