বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ বিষয়ক লৈ সংসদত অচলাৱস্থাৰ সৃষ্টি হৈছিল যদিও আদালতত বিষয়টো বিচাৰাধীন হৈ থকাৰ বাবে সংসদত আলোচনা কৰিব পৰা নগ’ল। আনকি বৃহস্পতিবাৰৰ সংসদৰ অন্তিম দিনটোতো বিৰোধীয়ে এছ আই আৰ বিষয়ত আলোচনাৰ দাবীত অটল আছিল আৰু হুলস্থুলৰ বাবে সদনৰ কাম-কাজ চলাব নোৱাৰে।
ইয়াৰ পাছতে লোকসভাৰ অধ্যক্ষই বিৰোধীক ধমক দি সদনৰ কাম-কাজ অনিৰ্দিষ্টকাললৈ স্থগিত ৰাখে। লোকসভাৰ অধ্যক্ষই সাংসদসকলক ধমক দি কয় যে সদনত বিৰোধীৰ আচৰণ গণতন্ত্ৰৰ মূল্যবোধৰ সৈতে মিল নাই। এইটো সংসদৰ মৰ্যাদা অনুযায়ী নহয়। গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা কেনেদৰে ব্যাহত হৈছে সেয়া দেশৰ জনসাধাৰণে দেখিছে বুলিও তেওঁ কয়। লোকসভাৰ অধ্যক্ষই কয় যে বৰ্ষাকালিন অধিৱেশনৰ সময়ত মাত্ৰ ৩৭ ঘণ্টীয়া আলোচনা হ’ব পাৰে।
য’ত লোকসভাত ১২খন বিধেয়ক গৃহীত হৈছিল আৰু মাত্ৰ ৫৫টা প্ৰশ্নৰ মৌখিক উত্তৰ দিয়া হৈছিল। ইয়াৰ পিছতে লোকসভাৰ কাম-কাজ অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হয়। এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীও সদনত উপস্থিত আছিল।
