পুনৰ ঋণ ল’বলৈ সাজু অসম চৰকাৰ

10

পুনৰ ঋণ লোৱাৰ বাবে সাজু হৈছে অসম চৰকাৰ। ৪ মাৰ্চত ৯০০ কোটি টকা ঋণ লোৱাৰ পাছত পুনৰ ১১ মাৰ্চত ঋণ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে।

সোমবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে বিধানসভাত দাখিল কৰিব ২০২৫-২৬ চনৰ পূৰ্ণাংগ বাজেট। ইয়াৰ পাছতেই মঙলবাৰে ৯০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে।

জানিব পৰা মতে, এই ঋণ চৰকাৰে ২০ বছৰৰ বাবে চৰকাৰী ষ্টক (ছিকিউৰিটি) নিলামৰ জৰিয়তে ল’ব। ইতিমধ্যে ইয়াৰ বাবে চৰকাৰে ৰিজাৰ্ভ বেংকৰ ওচৰত প্ৰয়োজনীয় নথি পত্ৰৰ সৈতে প্ৰস্তাৱ দাখিল কৰিছে।