নিৰ্বাচনৰ পূৰ্বে অসম চৰকাৰে লাভ কৰিছে কোটি কোটি টকাৰ ঋণ। অসমৰ তিনিটাকৈ ডাঙৰ প্ৰজেক্টৰ বাবে এই ঋণৰ অনুমোদন লাভ কৰিছে।অসমৰ তিনিটাকৈ উন্নয়নমূলক প্ৰকল্পৰ বাবে ৬৮০ মিলিয়ন আমেৰিকান ডলাৰৰ ঋণৰ মঞ্জুৰি প্ৰদান কৰিছে বিশ্ববেংকে। এই প্ৰকল্পসমূহৰ উদ্দেশ্য হৈছে জলবায়ুৰ স্থিতিস্থাপকতা শক্তিশালী কৰা, শাসন আৰু সেৱা প্ৰদানৰ উন্নতি কৰা, আৰু শিক্ষা-কৰ্মশক্তিৰ প্ৰস্তুতি বৃদ্ধি কৰা।বিশ্ব বেংক (World Bank) য়ে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি, বোৰ্ড অৱ এক্সিকুইটিভ ডায়ৰেক্টৰ্ছয়ে এই প্ৰকল্পসমূহৰ বাবে ঋণৰ অনুমোদন দিছে যাতে অসমে বেয়া বতৰৰ মোকাবিলা কৰিবলৈ, লোক প্ৰশাসনৰ উন্নতি সাধন কৰাৰ লগতে চাৰি মিলিয়নতকৈ অধিক ছাত্ৰ-ছাত্ৰীক চাকৰিৰ ক্ষেত্ৰখনত সফল হোৱাৰ বাবে প্ৰয়োজনীয় দক্ষতাৰে সজ্জিত কৰাত সহায় কৰিব পাৰে।
