লিমকা বুক অৱ ৰেকৰ্ডছ ২০২৩ত চেম্পিয়নৰ উল্লেখযোগ্য কাহিনীসমূহ প্ৰদৰ্শন কৰা হৈছে

870

২০২৩ৰ লিমকা বুক অৱ ৰেকৰ্ডছত বিশেষ ‘ৰুকমট’ সংস্কৰণৰ জৰিয়তে স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰি বিভিন্ন পটভূমিৰ চেম্পিয়নৰ উল্লেখনীয় কাহিনীসমূহ প্ৰদৰ্শন কৰা হৈছে। এই অভিলেখ সৃষ্টি কৰা লোকসকলে পৰিৱেশ সংৰক্ষণ, দুঃসাহসিক ক্ৰীড়া আৰু বৃহৎ পৰিসৰৰ নিৰ্মাণৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। সেয়া লাগিলে ৰাধা শংকৰনাৰায়ণৰ মণ্ডল শিল্পকৰ্ম হওক অথবা নীৰজ চোপ্ৰাই হওঁক। কিতাপখনে তেওঁলোকৰ অটল দৃঢ়তা, অধ্যৱসায় আৰু বিজয়ৰ দুৰ্বাৰ আকাংক্ষাক প্ৰদৰ্শন কৰিছে।

২০২২ চনৰ ক্ৰীড়াক্ষেত্ৰত আকৰ্ষণীয় আৰু অনুপ্ৰেৰণাদায়ক কৃতিত্বৰ তালিকাৰ ভিতৰত কিছুমান উল্লেখযোগ্য অভিলেখৰ ওপৰত অধিক দৃষ্টি নিক্ষেপ কৰা হৈছে – ভাৰতৰ যুৱ শ্বাৰ্পশ্বুটিং চেম্পিয়ন ৰুদ্ৰাংক্ষ পাটিল, যিজনে ইজিপ্তৰ কাইৰোত পুৰুষৰ এয়াৰ ৰাইফলত বিশ্ব চেম্পিয়ন হৈছিল। ১০৫ বছৰ বয়সীয়া ৰামভাই যিয়ে স্প্ৰিণ্টিঙৰ অভিলেখ ভংগ কৰিছিল আৰু ভগৱানী দেৱীয়ে ১০০ মিটাৰ স্প্ৰিণ্টত সোণৰ পদক জয় কৰা আটাইতকৈ বয়সীয়াল ব্যক্তি হিচাপে পৰিগণিত হৈছিল।

ইণ্ডোনেছিয়াক পৰাস্ত কৰি ভাৰতীয় দলৰ সদস্যই থমাছ কাপত প্ৰথমটো স্বৰ্ণ জয় কৰিছিল। মিতালী ৰাজে মহিলা ক্ৰিকেটক নতুন শিখৰলৈ নি ৭০০০ ৰানৰ সীমা ভংগ কৰিলে। ৩৬ সংখ্যক ৰাষ্ট্ৰীয় গেমছত মহিলাৰ প’ল ভল্টৰ অভিলেখ ভংগ কৰিছিল ৰ’জী মীনা প’লৰাজে আৰু ৩৫ কিলোমিটাৰ খোজকঢ়া প্ৰতিযোগিতাত ৰাম বাবুৱে পূৰ্বৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰিছিল।