শ্ৰীনগৰৰ ভাৰতীয় সেনাৰ ৯২ বেচ হাস্পতালত চিটি স্কেন চেণ্টাৰ উদ্বোধন কৰিলে উপ ৰাজ্যপাল মনোজ সিনহাই

147

এনএছই ফাউণ্ডেচনে চিকিৎসা সেৱা বৃদ্ধিৰ বাবে এনএছইআইএলৰ চিএছআৰ পদক্ষেপৰ অংশৰূপে শ্ৰীনগৰৰ ৯২ বেচ হাস্পতালত চিটি স্কেন শাখা স্থাপন কৰিছে। এই চিটি স্কেন উইং লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাই(সেনাৰ ১৫ কৰ্পছ কমাণ্ডাৰ) আৰু এনএছইআইএলৰ এমডি আৰু চিইঅ’ আশিস কুমাৰ চৌহানৰ উপস্থিতিত জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই উদ্বোধন কৰে।

শ্ৰীনগৰ(জে এণ্ড কে)ৰ ৯২ বেচ হাস্পতাল হৈছে ৫৯৮খন বিচনাযুক্ত মাল্টিস্পেচিয়েলিটি চিকিৎসালয় য’ত বহুতো ট্ৰমা বা আঘাতপ্ৰাপ্ত ৰোগী যেনে বন্দুকৰ গুলীৰ আঘাত, ছিন্নভিন্ন হোৱা অথবা চোকা অস্ত্ৰৰ আঘাতৰ লগতে অন্যান্য গুৰুতৰভাৱে আহতসকলৰ চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয় আৰু এইসকল ৰোগীৰ তৎক্ষণাৎ ৰোগ নিৰ্ণয়ৰ প্ৰয়োজন হয়। এনে চিকিৎসা সুবিধাৰ বাবে এক কাৰ্যক্ষম আৰু নিৰ্ভৰযোগ্য চিটি স্কেন মেচিন সজ্জিত হৈ থকাটো অতি প্ৰয়োজনীয় যাতে সঠিক চিকিৎসা নিশ্চিত হয়।

জিই ৰিভল্যুচন মেক্সিমা চিটি স্কেনাৰত শক্তিশালী, নিৰ্ভৰযোগ্য আৰু উচ্চ-কাৰ্যক্ষম সঁজুলি প্ৰদান কৰা হৈছে। ইয়াত কেইবাটাও অভিনৱ প্ৰযুক্তিৰ সুবিধা আছে, যাৰ ভিতৰত এআই-আধাৰিত প্ৰযুক্তি, যিয়ে স্কেনাৰত ৰোগীক স্বয়ংক্ৰিয়ভাৱে কেন্দ্ৰীভুক্ত কৰে। দ্ৰুত আৰু সঠিক ৰোগীৰ স্কেনিঙৰ ফলত অপেক্ষাৰ সময় হ্ৰাস পায় আৰু ৰোগ নিৰ্ণয়ৰ কাৰ্যকৰীতা উন্নত হয়। এই বিষয়ে উপ ৰাজ্যপাল মনোজ সিনহাই কয় যে, “আমি অত্যন্ত সুখী যে এনএছই ফাউণ্ডেচনে হাস্পতালসমূহৰ সুবিধাসমূহ উন্নীত কৰাৰ বাবে এই পদক্ষেপ হাতত লৈছে আৰু আমি এনএছই ফাউণ্ডেশ্যনৰ সৈতে জম্মু-কাশ্মীৰত গুণগত স্বাস্থ্যসেৱা আৰু বৰ্ধিত উন্নত চিকিৎসা সেৱা প্ৰদানৰ সুযোগৰ ওপৰত কাম কৰিব বুলি আশাবাদী৷”