বিশ্বব্যাপী মোবাইল ফোন ব্যৱসায়ৰ পৰা এলজিৰ প্ৰস্থান

131

কোৰিয়ান ইলেক্ট্ৰনিক্স নিৰ্মাতা এলজি ইলেক্ট্ৰনিক্স ইঙ্কে সোমবাৰে বিশ্বব্যাপী মোবাইল ফোনৰ ব্যৱসায়ৰ পৰা প্ৰস্থান কৰাৰ সিদ্ধান্ত লৈছে। এইখন সিদ্ধান্তখনক বিশ্লেষণ কৰি পুৱা গৈছে যে ভাৰতীয় বজাৰত ইয়াৰ বাৱে কোনো ডাঙৰ ব্যাঘাত নহ’ব, কিয়নো কোম্পানীটোৱে বেছি অংশ লাভ কৰাত ব্যৰ্থ হৈছিল আৰু ব্যৱসায়ৰ পৰা ইয়াৰ ৰাজহ ক্ষুদ্ৰ আছিল।চেলফোন উদ্যোগ ট্ৰেকাৰ কাউণ্টাৰপইণ্ট গৱেষকৰ মতে ভাৰতৰ সৰ্ববৃহৎ গৃহ সঁজুলি নিৰ্মাতা এলজিৰ ভাৰতীয় স্মাৰ্টফোন বজাৰত ১% তকৈ কম অংশ আছিল। আচলতে, ভাৰতীয় মোবাইল ব্যৱসাত একমাত্ৰ লোকচান ৰখা কোম্পানী  ২০২০ চনত ৯১ কোটি টকাৰ মুঠ লোকচান হৈছিল।

কাউণ্টাৰপইণ্টৰ সহযোগী সঞ্চালক তৰুণ পাঠকে কৈছিল যে এলজিৰ শেয়ার ০.১৫% ত স্থবিৰ আছিল। তেওঁ কয় “ডাঙৰ উপভোক্তা সঁজুলিবোৰত এলজিৰ সফলতাই মোবাইল ডিভাইচৰ বিক্ৰী বৃদ্ধি কৰিব নোৱাৰিলে। আচলতে, ইয়া চীনা ব্ৰেণ্ড আৰু এপল, চেমচাং, ৱানপ্লাছৰ পৰা প্ৰিমিয়াম শাখাত মধ্য-স্তৰৰ অফাৰত প্ৰতিযোগিতামূলক প্ৰৱেশৰ মাজত বিকাশ কৰিব নোৱাৰিলে”। এলজিয়ে কৈছে যে ম’বাইল ফোনৰ ব্যৱসায়ৰ সমাপ্তি ৩১ জুলাইৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে যদিও কিছুমান মডেলৰ ইনভেণ্টৰী ইয়াৰ পিছতো উপলব্ধ হ’ব। কোম্পানীটো আৰু কৈছিল যে ই কিছু সময়ৰ বাবে বিদ্যমান ম’বাইল সামগ্ৰীৰ গ্ৰাহকসকলৰ বাবে সেৱা সমৰ্থন আৰু ছফ্টৱেৰ আপডেট প্ৰদান কৰিব।