লেনোভোৰ যোগ আৰু লিজিয়ন লেপটপৰ নতুন পৰিসৰ মুকলি

219

লেনোভোৱে (Lenovo) ইয়াৰ নেক্সত জেনেৰেচনৰ জুৱেল ক্ৰাফটেড যোগ শৃংখলা মুকলি কৰিছে। তেওঁলোকে ভাৰতৰ গ্ৰাহকক মন মুহিবলৈ সাজু কৰি তুলিছে লিজিয়ন (Legion) আৰু আইডিয়াপেড গেমিং লেপটপ। লাইনআপটোত অন্তৰ্ভুক্ত আছে লিজিয়ন ৫আই, লিজিয়ন ৫আই প্ৰ’, লিজিয়ন শ্লিম ৭আই আৰু আইডিয়াপেড গেমিং ৩আই-ৰ লগতে যোগ ৯আই (Yoga 9i), যোগ শ্লিম ৭আই প্ৰ’ আৰু যোগ ৭আই। সকলো লেপটপত দ্বাদশ জেনেৰেচনৰ ইণ্টেল® কোৰ™ প্ৰচেছৰ, ফাষ্টাৰ গ্ৰাফিক্স, উন্নত বেটাৰী প্ৰদৰ্শন আৰু গ্ৰাহকসকলৰ বাবে লেনোভোৰ স্মাৰ্ট ইনোভেছন আগবঢ়োৱাৰ বাবে বহনক্ষম ডিজাইন আছে।

নতুন স্মাৰ্ট এআই-চালিত যোগ লেপটপবোৰ ইমৰ্চিভ অ’এলইডি (OLED) ডিচপ্লেৰ সৈতে উপলব্ধ আৰু এক আৰামদায়ক এজ (edge)ডিজাইন একত্ৰিত কৰে। নতুন যুঁজৰ বাবে সাজু লেনোভো লিজিয়ন ৫আই শৃংখলাটোৱে কেইবাটাও অভিনৱ প্ৰত্যাশা অতিক্ৰম কৰিছে, যি আধুনিক গেমাৰ আৰু পেছাদাৰী প্লেয়াৰৰ বহু-মাত্ৰিক প্ৰয়োজনীয়তাৰ সৈতে খাপ খায় আৰু সন্তুলিত কৰে। আইডিয়াপেড গেমিং ৩আইত উদীয়মান গেমিং দক্ষতা আৰু শীৰ্ষ স্থানৰ ষ্ট্ৰীমিংৰ বাবে শক্তিশালী প্ৰচেছিং আৰু গ্ৰাফিক্স আছে।

ডিভাইচটো এক্সবক্স গেম পাছৰ ৩ মাহৰ পূৰ্ব-লোডেড আৰু লেনোভো লিজিয়ন আলটিমেট সমৰ্থন গ্ৰাহকসকলৰ বাবে উপলব্ধ। গ্ৰাহকসকলে প্ৰিমিয়াম কেয়াৰ, লেনোভোৰ চিঅ’২ অফছেট সেৱাৰ দৰে সেৱা প্ৰাপ্ত কৰিব পাৰে। লেনোভো যোগ ৯আই, যোগ শ্লিম ৭আই প্ৰো, আৰু যোগ ৭আই অ’টমিল, ষ্টৰ্ম গ্ৰে, আৰু শ্লেট গ্ৰে ৰঙত উপলব্ধ আৰু ক্ৰমান্বয়ে ১,৬৯,৯৯০ টকা, ১,০৬,৯৯০ টকা আৰু ১,১৪,৯৯০ টকাত উপলব্ধ। লিজিয়ন ৫আই, লিজিয়ন ৫আই প্ৰো আৰু লিজিয়ন শ্লিম ৭আই; ক্ৰমে ১,৪৪,৯৯০, ১,৬৪,৯৯০ আৰু ১,৫০,৯৯০ টকাত উপলব্ধ হ’ব। যি storm gray color ত উপলব্ধ হ’ব। অ’নিক্স গ্ৰে ৰঙৰ আইডিয়াপেড গেমিং ৩আই ৮৪,৯৯০ টকাৰ পৰা উপলব্ধ হ’ব। এইবোৰ সকলো অনলাইন আৰু অফলাইন চেনেল অংশীদাৰ, Lenovo.com আৰু কলকাতা/ভুৱনেশ্বৰ/পাটনাৰ লেনোভো এক্সক্লুছিভ ষ্টোৰতো উপলব্ধ।