স্কোডা অটো ইণ্ডিয়াই এখন ঐতিহ্যমণ্ডিত অক্টাভিয়া আৰ এছ মুকলিৰে ড্ৰাইভিং অনুৰাগীসকলৰ আবেগক পুনৰ জগাই তুলিবলৈ সাজু হৈছে। সম্পূৰ্ণ নতুন অক্টাভিয়া আৰএছৰ প্ৰি-বুকিং ২০২৫ চনৰ ৬ অক্টোবৰত মুকলি হ’ব, য’ত স্কোডা অটোৰ আটাইতকৈ চিনাকি পাৰফৰ্মেন্স চেডানৰ কামবেক হ’ব। সীমিত পৰিমাণে এই গ্লবেল আইকন ভাৰতত সম্পূৰ্ণৰূপে প্ৰস্তুত বাহন (এফ বি ইউ) হিচাপে উপলব্ধ হ’ব। এই মুকলিৰ জৰিয়তে স্কোডা অটো ইণ্ডিয়াই অতুলনীয় ড্ৰাইভিং ডাইনেমিক্স, আকৰ্ষণীয় ডিজাইন আৰু অবিশ্বাস্য আৰএছ স্পিৰিট প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে, এই সকলোবোৰ প্ৰকৃত অনুৰাগীসকলৰ বাবে প্ৰস্তুত এক প্ৰকৃত প্ৰদৰ্শন বাহন ৰূপে মুকলি হৈছে। অক্টাভিয়া আৰএছ-ৰ পুনৰ মুকলিৰ বিষয়ে সদৰি কৰি স্কোডা অটো ইণ্ডিয়াৰ ব্ৰেণ্ড সঞ্চালক আশিস গুপ্তাই কয় যে, “এই বছৰৰ আৰম্ভণিতে আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে, এক বিশ্বজনীন আইকন ভাৰতলৈ ঘূৰি আহিব। আজি, মই গৌৰৱেৰে ঘোষণা কৰিছোঁ যে আমি অক্টাভিয়া আৰএছ-ৰ সৈতে সেই প্ৰতিশ্ৰুতি পূৰণ কৰিছোঁ।”
২০২৫ত পুনৰ মুকলিৰ লগে লগে সম্পূৰ্ণ নতুন অক্টাভিয়া আৰএছে পুনৰবাৰ আকাংক্ষিত আইকন হিচাপে নিজৰ স্থান দখল কৰিছে, যি আগৰ তুলনাত অধিক তীক্ষ্ণ, বলিষ্ঠ আৰু একচেটিয়া ৰূপত উপলব্ধ হৈছে। অক্টাভিয়া আৰ এছৰ প্ৰি-বুকিং ২০২৫ চনৰ ৬ অক্টোবৰত মুকলি হ’ব, একচেটিয়াভাৱে অফিচিয়েল ৱেবছাইটত, সীমিত সময়ৰ বাবে উপলব্ধ। ৰেলী স্পৰ্টৰ সংক্ষিপ্ত ৰূপ আৰএছ বেজে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি প্ৰদৰ্শন, নিখুঁততা আৰু ড্ৰাইভিং চাঞ্চল্যৰ বাবে সাজু হৈছে। স্কোডাৰ পূৰ্বৰ সফলতাৰ পৰা জন্ম লোৱা আৰএছ মডেলৰ ওপৰত ভিত্তি কৰি মটৰস্পৰ্ট-অনুপ্ৰাণিত অভিযান্ত্ৰিকৰ প্ৰতীক হৈ পৰিছে। ভাৰতত অক্টাভিয়া আৰএছ প্ৰথমবাৰৰ বাবে ২০০৪ চনত দেশৰ প্ৰথম টাৰ্বোচাৰ্জড পেট্ৰল ইঞ্জিন বাহন ৰূপে মুকলি হৈছিল, যাৰ ফলত তাৎক্ষণিকভাৱে উৎসাহীসকলৰ মাজত এক অনুৰণন ঘটাইছিল। তেতিয়াৰ পৰা, আৰএছ-ৰ প্ৰতিটো প্ৰজন্মই প্ৰায় এক অভূতপূৰ্ব আগ্ৰহ-আকৰ্ষণ লাভ কৰিছে, ইউৰোপীয় অভিযান্ত্ৰিকক দৈনন্দিন বহুমুখিতা আৰু চালনাৰ উত্তেজনাৰ সৈতে সংমিশ্ৰিত কৰিছে।
Teaser Link: https://drive.google.com/file/d/1DTttBJvn3Mma9tEDxLfF5JLz8xKjrU6S/view?usp=sharing.
