টাটা মটৰ্ছৰ সৈতে জীৱনজোৰা এক ‘লিপ’

807

টাটা মটৰ্ছৰ লিপে(লাৰ্ন আৰ্ন এণ্ড প্ৰগ্ৰেছ প্ৰগ্ৰাম) যোৱা এক দশক ধৰি সফল ৰূপে প্ৰতিষ্ঠিত হৈ আহিছে, যিয়ে সমাজৰ সুবিধাবঞ্চিত শ্ৰেণীৰ আনস্কিল(অ-দক্ষ) যুৱক-যুৱতীসকলক বহনক্ষম জীৱিকা প্ৰদান কৰিছে। ৰাজহুৱা-ব্যক্তিগত-অংশীদাৰীত্ব(পাব্লিক-প্ৰাইভেট) আৰ্হিৰ অধীনত পৰিচালিত এই কাৰ্যসূচী ২০১৩ চনত দুটা প্ৰতিষ্ঠানেৰে শুভাৰম্ভ কৰি ২০২২লৈ ৬০টা প্ৰতিষ্ঠানলৈ বৃদ্ধি কৰিছে, বৰ্তমান বছৰি প্ৰায় ১,৫০০ যুৱক-যুৱতীক প্ৰশিক্ষণ দিছে। সামগ্ৰিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা ১২ মহীয়া এই কাৰ্যসূচীয়ে গ্ৰাম্য, চহৰ আৰু অৰ্ধনগৰীয়া স্থানীয় অঞ্চলৰ বিদ্যালয় আধাতে এৰি দিয়া অসুবিধাগ্ৰস্ত বা পিছপৰা যুৱক-যুৱতীসকলক বিদ্যালয় এৰি প্ৰশিক্ষণ দিছে।

টাটা মটৰ্ছৰ কৰ্প’ৰেট সামাজিক দায়বদ্ধতা বিভাগৰ মুৰব্বী বিনোদ কুলকাৰ্ণীয়ে বিশ্বাস কৰে যে লিপে এক দক্ষতা কাৰ্যসূচী সফলতাৰে আয়োজন কৰি এক পৰিৱৰ্তনশীল কাৰ্যসূচী হিচাপে নিজৰ উপস্থিতি প্ৰতিষ্ঠা কৰিব, যাৰ ফলত অংশগ্ৰহণকাৰীসকলৰ ভৱিষ্যতৰ ক্ষণত সাফলতাক সাফল্যৰ কাহিনীলৈ ৰূপান্তৰিত কৰিব। টাটা মটৰ্ছে জ্ঞানৰ অংশীদাৰ হিচাপে কাম কৰে, লগতে প্ৰশিক্ষণৰ বিষয়বস্তু প্ৰদান কৰে, সমান্তৰালভাৱে ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানে আন্তঃগাঁথনি প্ৰদান কৰে।

ডিলাৰ আৰু টিএএছএছসমূহে চাকৰিৰ সময়ত প্ৰশিক্ষণ আৰু ষ্টাইপেণ্ডো প্ৰদান কৰে। যোৱা দশকত এই কাৰ্যসূচীয়ে গড় প্লেচমেণ্ট(নিয়োজন)ৰ হাৰ ৮৫% লাভ কৰিছে, য’ত মহিলাৰ নামভৰ্তিৰ সংখ্যা বৃদ্ধি পাইছে আৰু বৈচিত্ৰ্যময় ৰূপত ১৩%লৈ বৃদ্ধি পাইছে। লিপ এতিয়াও এজাইল(চঞ্চল) হৈয়েই আছে, যাৰ ফলত গতিশীল বজাৰৰ চাহিদাৰ সৈতে খাপ খুৱাবলৈ নতুন প্ৰযুক্তি আৰু উদ্যমিতা মডিউলসমূহক আঁকোৱালি লৈছে। ই টাটা মটৰ্ছৰ সকলোৰে বাবে শক্তিশালী, উদ্ভাৱন আৰু উজ্বল কাইলৈ গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিৰ উদাহৰণ দাঙি ধৰে।