ক’ভিড -১৯ ভাইৰাছৰ গণ সংক্ৰমণ ৰোধৰ বাবে প্ৰায় দুমাহ ধৰি ৰাজ্যজুৰি চলি আছে ১৫ ঘন্টাৰ সান্ধ্য আইন । সংশোধিত এছ অ পি অনুসৰি পুৱা ৫ বজাৰ পৰা বিয়লি ১ বজালৈ সকলো দোকান – পোহাৰ , হোটেল , ব্যবসায়ীক প্ৰতিষ্ঠান খোলা ৰখাৰ ব্যৱস্থা আছে। তাৰ পাছত ২ বজাৰ পৰা সান্ধ্য আইন আৰম্ভ হয় । এছ অ পি অনুসৰি ১ বজাৰ লগে লগে সকলো হোটেল , দোকান – পোহাৰ , ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰাটো বাধ্যতামূলক । নকৰিলে আৰক্ষী বা জিলা প্ৰশাসনৰ দায়িত্ববাহী বিষয়াই তেনে আইন অমান্যকাৰী সকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে ।
কিন্ত ৰাজ্যৰ আন ভিতৰুৱা অঞ্চলটো বাদেই খোদ গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ সাতমাইলৰ পৰা জালুকবাৰী সংযোগী গুৱাহাটী বিশ্ববিদ্যালয় বাইপাছত সান্ধ্য আইন , ক’ভিড বিধি ভংগ কৰি লম্বু তাজকে ধৰি কেবাখনো হোটেল কৌশলৰে খোলা থকা ঘটনাই বৃহত্তৰ অঞ্চলটোৰ সচেতন লোক সকলক চিন্তিত কৰি তুলিছে । প্ৰাপ্ত খবৰ মতে ক’ভিড বিধি , সান্ধ্য আইন ভংগ কৰা হোটেল কেইখনে এক বজাৰ পাছত সন্ধিয়া পৰ্যন্ত বাহিৰৰ পৰা দেখাত সন্মুখৰ দুৱাৰ আধা বা কেতিয়াবা গোটেই বন্ধ কৰি থৈ দিয়ে । কিন্তু বাহিৰত বাহন ৰাখি থৈ বহু গ্ৰাহকে একেলগে ভিতৰত আহাৰ গ্ৰহণ কৰে ।
নিশাৰ ভাগতো একে পদ্ধতিৰে লম্বু তাজকে ধৰি নিৰ্দিষ্ট হোটেলত অবৈধ বেহা চলি থকা বুলি অভিযোগ উঠিছে । লক্ষ্যনীয় বিষয়টো হল সকলোৱে দেখা পালেও কিছু নিলগত থকা জালুকবাৰী আৰক্ষী চকীৰ আৰক্ষীয়ে নিৰ্দিষ্ট হোটেল কেইখনে সান্ধ্য আইন বা ক’ভিড বিধি ভূঞা কৰাটো দেখা নোপোৱা বিষয়টোৱে ৰহস্যৰ সৃষ্টি কৰিছে । আন এক গুৰুতৰ অভিযোগ অনুসৰি সেই হোটেল কেইখনে পৌৰ নিগম আৰু জনস্বাস্থ্য বিধি ভংগ কৰি অবৈধভাৱে গো মাংসৰ ৰমৰমীয়া বেহা চলাই আছে । কিন্তু সকলো দেখি শুনিও জালুকবাৰী আৰক্ষীয়ে ৰহস্যজনক নীৰৱতা অৱলম্বন কৰিছে ।