অসম-পশ্চিমবংগ সীমান্তৰ কৰিডৰেৰে দীৰ্ঘদিন ধৰি চলি থকা গৰু সৰবৰাহৰ এক বৃহৎ নেটৱৰ্ক উৎখাত কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। বিলাসীপাৰাত চলোৱা এক বিশেষ অভিযানত ছয়টাকৈ গৰু জব্দ কৰাৰ লগতে তিনিজন অভিযুক্ত সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। নামনি অসমত সক্ৰিয় হৈ থকা আন্তঃৰাজ্যিক গৰু সৰবৰাহকাৰী চিণ্ডিকেটৰ বিৰুদ্ধে এয়া আৰক্ষীৰ এক বৃহৎ সফলতা হিচাপে বিবেচিত হৈছে।
এক গোপন সূত্ৰৰ পম খেদি বিলাসীপাৰা আৰক্ষীয়ে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই বিশেষ অভিযান চলোৱা হয়। অভিযানকালত AS 01 AU 7975 নম্বৰৰ এখন স্কৰপিঅ’ বাহনত তালাচী চলাই আৰক্ষীয়ে অবৈধভাৱে পৰিবহণ কৰা গৰুকেইটা উদ্ধাৰ কৰে। ধৃত সৰবৰাহকাৰী কেইজনক কাঠালদী গাঁৱৰ বাসিন্দা চানোৱাৰ হুছেইন, আনোৱাৰ হুছেইন আৰু বাহাৰ আলী বুলি চিনাক্ত কৰা হৈছে।
আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছে যে পশ্চিমবংগৰ পৰা অনা এই গৰুসমূহ বিলাসীপাৰাৰ চৰ অঞ্চলসমূহলৈ নিয়াৰ পৰিকল্পনা কৰা হৈছিল। সৰবৰাহকাৰী চিণ্ডিকেটে চৰ অঞ্চলক ট্ৰেনজিট পইণ্ট হিচাপে ব্যৱহাৰ কৰি আৰক্ষীৰ চকুৰ পৰা হাত সাৰিবলৈ সঘনাই কৌশল সলনি কৰি আহিছে। ধৃত তিনিওজন অভিযুক্তক বৰ্তমান অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।
ইফালে, এই সমগ্ৰ ৰেকেটটোৰ মূল মাষ্টাৰমাইণ্ড বুলি সন্দেহ কৰা হজৰত আৰু জয়নাল বৰ্তমানো পলাতক হৈ আছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, পলাতক দুয়োৰে বিৰুদ্ধে ইতিমধ্যে অভিযান তীব্ৰতৰ কৰা হৈছে। আগন্তুক দিনত নামনি অসমৰ আন কেইবাটাও স্থানত এই সন্দৰ্ভত অধিক তালাচী অভিযান চলোৱাৰ সম্ভাৱনা আছে।
