লামডিং-বদৰপুৰ পাহাৰ লাইনত পুনৰ ভূমিস্খলন।৩০ জুনত সাত দিনৰ মূৰত লামডিং-বদৰপুৰ পাহাৰ লাইন মুকলি হোৱাৰ ছয় দিন পিছত একেটা লাইনতেই পুনৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে । এইবাৰ লামডিং-বদৰপুৰ পাহাৰ লাইনৰ দিহাখো আৰু মুপা ষ্টেচনৰ মাজৰ ৫১/২ কিলোমিটাৰ অংশত হৈছে ভূমিস্খলন । যোৱা ২৩ জুনৰ পৰা লামডিং বদৰপুৰ পাহাৰ লাইনত হোৱা ভূমিস্খলনৰ এইটো তৃতীয় ঘটনা ।দেওবাৰে নিশা মুপা ষ্টেচনৰ ৫০/২ কিলোমিটাৰ অংশত ভূমিস্খলন হোৱাৰ ফলত পাহাৰ লাইনত ৰে’ল চলাচল আকৌ ব্যাহত হৈ পৰিছে । লামডিং ষ্টেচনত আবদ্ধ হৈ পৰিছে শিয়ালদাহৰ পৰা চাবৰুমলৈ যাবলগীয়া কাঞ্চনজংঘা এক্সপ্ৰেছ ।আনহাতে উত্তৰ-পূব সীমান্ত ৰে’ল কৰ্তৃপক্ষই আবদ্ধ হৈ থকা যাত্ৰীসকলৰ বাবে খোৱাৰ ব্যৱস্থা কৰে ।
