দেশৰ ৰাজনৈতিক ইতিহাসৰ অন্যতম চৰ্চিত ভূমি কেলেংকাৰীৰ তদন্তই এতিয়া এক গুৰুত্বপূৰ্ণ পৰ্যায়ত উপনীত হৈছে। দিল্লীৰ এখন আদালতে শুকুৰবাৰে আৰ জে ডিৰ মুৰব্বী তথা প্ৰাক্তন ৰেল মন্ত্ৰী লালু প্ৰসাদ যাদৱ, তেওঁৰ পৰিয়ালৰ সদস্য আৰু আন অভিযুক্তসকলৰ বিৰুদ্ধে বহুচৰ্চিত ‘লেণ্ড ফৰ জব’ কেলেংকাৰীত অভিযোগ গঠনৰ নিৰ্দেশ দিয়ে। বিশেষ ন্যায়াধীশ বিশাল গগনেয়ে এই সন্দৰ্ভত কয় যে লালু যাদৱে ৰেল মন্ত্ৰালয়ক নিজৰ ব্যক্তিগত সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিছিল। চৰকাৰী চাকৰিক এক দৰদামৰ আহিলা হিচাপে ব্যৱহাৰ কৰি যাদৱ পৰিয়ালে ৰেল বিষয়া আৰু ঘনিষ্ঠ সহযোগীৰ সৈতে মিলি ভূমি দখল কৰাৰ এক অপৰাধমূলক কাৰ্য চলাইছিল বুলিও আদালতৰ পৰ্যবেক্ষণত প্ৰকাশ পায়।
আদালতে এই গোচৰত ৪১ জন ব্যক্তিৰ বিৰুদ্ধে অভিযোগ গঠন কৰে যদিও ৰেল বিভাগৰ বিষয়াসহ ৫২ জনক অভিযোগমুক্ত কৰে। ইয়াৰ পূৰ্বে চিবিআইয়ে আদালতত দাখিল কৰা এক প্ৰতিবেদনত জনাইছিল যে তেওঁলোকৰ অভিযোগনামাত উল্লেখ থকা ১০৩ জন অভিযুক্তৰ ভিতৰত ইতিমধ্যে পাঁচজনৰ মৃত্যু হৈছে। আদালতে অহা ২৩ জানুৱাৰীত আনুষ্ঠানিকভাৱে এই অভিযোগসমূহ গঠন কৰাৰ বাবে দিন ধাৰ্য কৰিছে। এই কেলেংকাৰীৰ অভিযোগনামাত লালু যাদৱৰ লগতে তেওঁৰ পত্নী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবৰী দেৱী আৰু পুত্ৰ তেজস্বী যাদৱৰ নামো অন্তৰ্ভুক্ত কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই।
চিবিআইৰ অভিযোগ অনুসৰি, ২০০৪ চনৰ পৰা ২০০৯ চনলৈ লালু প্ৰসাদ যাদৱ ৰেল মন্ত্ৰী হৈ থকাৰ সময়তে মধ্যপ্ৰদেশৰ জবলপুৰস্থিত পশ্চিম মধ্য ৰেলৱেৰ গ্ৰুপ-ডি পদত নিযুক্তিৰ বিনিময়ত এই লেনদেন চলিছিল। অভিযোগ উঠিছে যে চাকৰি লাভ কৰা যুৱকসকলে আৰ জে ডিৰ মুৰব্বীৰ পৰিয়ালৰ সদস্য বা সহযোগীৰ নামত ভূমি উপহাৰ দিছিল নতুবা হস্তান্তৰ কৰিছিল। নিযুক্তিৰ নীতি-নিয়ম উলংঘা কৰি বেনামী সম্পত্তিৰ এই লেনদেনৰ জৰিয়তে এক অপৰাধমূলক ষড়যন্ত্ৰ ৰচনা কৰা বুলি চিবিআইয়ে দাবী কৰিছে। অৱশ্যে অভিযুক্তসকলে এই সকলো অভিযোগ অস্বীকাৰ কৰি এয়া এক ৰাজনৈতিক অভিসন্ধি বুলিহে অভিহিত কৰিছে।
