স্বাধীনতা দিৱসলৈ মাজত আৰু মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত লালকিল্লাৰ নিৰাপত্তাৰ ব্যৱস্থাত এক বৃহৎ গাফিলতি পোহৰলৈ আহিছে। ইয়াৰ পিছতে লালকিল্লাৰ নিৰাপত্তাত নিয়োজিত কনিষ্টবল আৰু হেড কনিষ্টবলকে ধৰি ৭জন আৰক্ষীক নিলম্বন কৰা হৈছে।দিল্লী আৰক্ষীয়ে জানিবলৈ মতে, শনিবাৰে স্পেচিয়েল চেলৰ এটা দলে এক বিশেষ অনুশীলন চলাইছিল। এই অনুশীলনীৰ অংশ হিচাপে তেওঁলোকে চিভিল ড্ৰেছত নকল বোমা লৈ লালকিল্লাৰ চৌহদত প্ৰৱেশ কৰিছিল। সেই সময়ত লালকিল্লাৰ নিৰাপত্তাত নিয়োজিত আৰক্ষীয়ে বোমাটো ধৰা পেলাব পৰা নাছিল। এনে কাৰণত তাৎক্ষণিক ব্যৱস্থা হিচাপে তেওঁলোকক নিলম্বিত কৰা হৈছে।উপ-আয়ুক্ত ৰাজা বান্থীয়াৰ মতে, ১৫ আগষ্টৰ পূৰ্বে নিৰাপত্তাৰ ব্যৱস্থা পৰীক্ষা কৰিবলৈ এই মক ড্ৰিল কৰা হৈছিল। কিন্তু ইমান সহজে লালকিল্লাৰ ভিতৰত প্ৰৱেশ কৰি অনুশীলন দলটোৱে নিৰাপত্তা ব্যৱস্থাৰ আসোঁৱাহ ধৰা পেলায়। এই বিষয়টো পোহৰলৈ অহাৰ পিছতে আৰক্ষী আৰু নিৰাপত্তা সংস্থাৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
