লঘু উদ্যোগ ভাৰতী উত্তৰ-পূবৰ মহিলা সমিতিয়ে দুদিনীয়া দীপাৱলী মেলা শুভাৰম্ভ কৰে   

2479

লঘু উদ্যোগ ভাৰতী (উত্তৰ-পূৰ্বাঞ্চল)ৰ মহিলা সমিতিৰ উদ্যোগত ভ’কেল ফোৰ লোকেলৰ ৰূপায়ণত জূ ৰড অৱস্থিত বৃন্দাবন গাৰ্ডেনত দুদিনীয়া দীপাৱলী মেলাৰ আয়োজন কৰে।  অসমৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী বিমল বৰাই ফিতা কাটি লেম্প জ্বলাই উদ্বোধন কৰে।  লঘু উদ্যোগ ভাৰতী (উত্তৰ-পূব) মহিলা সমিতিৰ সভানেত্ৰী নেহা খাণ্ডেলৱালে আদৰণি ভাষণ প্ৰদান কৰে।  এই উপলক্ষে উদ্যোগ ভাৰতীৰ প্ৰাদেশিক সভাপতি ৰবি সুৰেকা, বিদায়ী সভাপতি মনোজ লুণ্ডিয়া, বিশেষ অতিথি চিনমায়া মিছনৰ গুৰু মা অনন্য চৈতন্য মঞ্চত উপস্থিত থাকে। 

অনুষ্ঠানত অসম গৌৰৱ পদ্মশ্ৰী বঁটা লাভ কৰা হেম প্ৰভা চুতীয়াক মূগা আৰু এন্দি কাপোৰত  শ্ৰীমন্ত শংকৰদেৱ বিৰ্চিত গুণমালা, মাধৱ দেৱ বিৰ্চিত নামঘোষা, মদভাগৱত গীতা লিখাৰ বাবে সম্বৰ্ধনা জনোৱা হয়।  প্ৰাক্তন সভাপতি মনোজ লুণ্ডিয়াই লঘু ভাৰতীৰ জন্ম আৰোহীৰ পৰা আজিলৈকে ইতিহাসৰ বিষয়ে বিতংভাৱে ব্যাখ্যা কৰে। 

গ্ৰাম্য শিল্পী চেলৰ আহ্বায়ক তথা চাকি বিতৰণ কাৰ্যসূচীৰ মুৰব্বী অৰূপ পূজাৰীয়ে চাকি বিতৰণৰ বিষয়ে কয়।  এই মেলাত ৬২টা ষ্টলত গাঁৱৰ শিল্প সামগ্ৰী উপলব্ধ আছিল।  মুখ্য অতিথিগৰাকীয়ে একাংশ লোকক চাকি উপহাৰো বিতৰণ কৰে।  মহিলা সমিতিৰ  সম্পাদিকা ৰঞ্জন ভজনকাই ধন্যবাদ জ্ঞাপন কৰে।