LACৰ সংঘৰ্ষক লৈ ৰাজ্যসভাত আলোচনা কৰিবলৈ অস্বীকাৰ বিজেপিৰ, ক্ষুব্ধ ১৭ বিৰোধী দলে কৰিলে সদন ত্যাগ…

71

ভাৰত-চীন সংঘাতক লৈ সদনত আলোচনা কৰিবলৈ শাসকীয় পক্ষই কৰা অস্বীকাৰৰ পিছতে সদন ত্যাগ ১৭ বিৰোধী দলৰ।

এলএচিৰ সংঘৰ্ষক লৈ ৰাজ্যসভাত আলোচনা কৰিবলৈ বিচাৰিছিল বিৰোধীয়ে।

কিন্তু শাসকীয় বিজেপিয়ে এই আলোচনা কৰিবলৈ অস্বীকাৰ পিছতে ক্ষুব্ধ হৈ পৰে বিৰোধী দলসমূহ।

যাৰ বাবে কংগ্ৰেছ, আৰজেডি, আপ, জিডিইউ, টিএমচি, ডিএমকে, চিপিআইকে ধৰি ১৭ বিৰোধী দলৰ সদস্যই ত্যাগ কৰে সদন।

সদন ত্যাগৰ পিছতে কংগ্ৰেছ সাংসদ প্ৰমোদ তিৱাৰীয়ে কয় যে ১৭টা দলেই জোৱানৰ আঁৰত থিয় দিছে যদিও আপোচ কৰিব নোৱাৰা বিষয়টোক লৈ আমি সকলোৱে চিন্তিত।