প্ৰতি বছৰে ১ মে’ দিনটো আন্তৰ্জাতিক শ্ৰমিক দিৱস (International Labour Day) হিচাপে পালন কৰা হয়। শ্ৰমিক দিৱস হৈছে শ্ৰমিকসকলৰ সংগ্ৰাম আৰু অধিকাৰক সন্মান জনোৱা, তেওঁলোকৰ অৱদান আৰু কঠোৰ পৰিশ্ৰমক স্বীকৃতি দিয়াৰ এক অতি বিশেষ দিন। কঠোৰ পৰিশ্ৰমৰ জৰিয়তে সাধাৰণ মানুহৰ জীৱন সহজ কৰি তোলা সকলো শ্ৰমিকৰ বাবে এই দিৱস উচৰ্গা কৰা হৈছে।১৮৮৯ চনত মাৰ্ক্সবাদী আন্তৰ্জাতিক সমাজবাদী কংগ্ৰেছে এক বৃহৎ আন্তৰ্জাতিক বিক্ষোভৰ আহ্বান জনাই প্ৰস্তাৱ গ্ৰহণ কৰে, য’ত তেওঁলোকে শ্ৰমিকসকলক দিনটোত ৮ ঘণ্টাতকৈ অধিক কাম কৰিবলৈ বাধ্য কৰাব নালাগে বুলি দাবী জনায়। ইয়াৰ পিছত ই বাৰ্ষিক অনুষ্ঠানত পৰিণত হয় আৰু ১ মে’ দিনটো শ্ৰমিক দিৱস হিচাপে পালন কৰিবলৈ আৰম্ভ কৰে।
