কোকৰাঝাৰ সংঘাতত ভীতিগ্ৰস্ত হৈ কাৰিগাঁৱৰ একাংশ লোকে ঘৰ-বাৰী এৰি পলায়ন কৰিবলৈ বাধ্য হৈছে। সতৰ্কতামূলক ব্যৱস্থাৰ অংশ হিচাপে জিলা প্ৰশাসনে আৱদাং বজাৰ, কাৰিগাঁও বজাৰ আৰু কাৰিগাঁও প্ৰাথমিক বিদ্যালয়ত তিনিটা অস্থায়ী সাহায্য শিবিৰ মুকলি কৰিছে।দুজন লোকৰ মৃত্যু হোৱাৰ পাছতেই স্থানীয় বড়ো আৰু আদিবাসী গোটৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ঘটে। কাৰিগাঁৱত সংঘটিত হৈছিল এই ঘটনা।
