এলি লিনাৰছক কোটাক মহিন্দ্ৰা বেংকৰ ব’ৰ্ডৰ অতিৰিক্ত আৰু স্বতন্ত্ৰ সঞ্চালক হিচাপে নিযুক্তি

387

কোটাক মহিন্দ্ৰা বেংক লিমিটেডে (“বেংক”) ২০২৩ৰ ১৮ ডিচেম্বৰত এলি লিনাৰছ (সম্পূৰ্ণ নাম: কৰ্নেলিছ পেট্ৰাছ এড্ৰিয়ানাছ জোচেফ লিনাৰছ)ক বেংকৰ ব’ৰ্ডত অতিৰিক্ত আৰু স্বতন্ত্ৰ সঞ্চালক হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে, ২০২৪ৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ চাৰি বছৰৰ বাবে বিধিগত/নিয়ন্ত্ৰণমূলক বা অন্যান্য প্ৰয়োজনীয়তাসমূহ পূৰণ কৰি বেংকৰ বিধিৰ অধীনত নিয়োজিত কৰা হৈছে।

বিত্তীয় সেৱা খণ্ডত ৩৫ বছৰীয়া অভিজ্ঞতাসম্পন্ন এজন সফল ব্যক্তি এলি লিনাৰছৰ প্ৰতিষ্ঠানিক আৰু বিনিয়োগ বেংকিং, সম্পদ ব্যৱস্থাপনা, কৰ্পৰেট আৰু খুচুৰা বেংক তথা লাইফ আৰু জেনেৰেল ইঞ্চুৰেঞ্চৰ ক্ষেত্ৰতো বিশেষ দক্ষতা আছে। ডিজিটেল বেংকিং আৰু বিশ্ব উদ্যোগৰ ট্ৰেণ্ডসমূহত তেওঁ এজন সন্মানীয় বিশেষজ্ঞ ৰূপে পৰিচিত। লগতে একত্ৰিকৰণ, অধিগ্ৰহণ, কৰ্পৰেট পুনৰ্গঠন, কৌশলগত পদক্ষেপ আৰু প্ৰত্যাহ্বানমূলক বিত্তীয় পৰিৱেশৰ জৰিয়তে ব্যৱসায় পৰিচালনাৰ ক্ষেত্ৰতো যথেষ্ট দক্ষ এলি লিনাৰছ ।

এলি লীনাৰছ হৈছে লাক্সেমবাৰ্গস্থিত ৱেলথ মেনেজাৰ আৰু ছয়খন ইউৰোপীয় দেশত কাৰ্যকলাপ থকা মেডিয়াম-চাইজ বেংক কুইণ্টেট প্ৰাইভেট বেংকৰ বৰ্তমানৰ গ্ৰুপ চীফ অপাৰেটিং অফিচাৰ। কোটাক মহিন্দ্ৰ বেংকৰ অ-কাৰ্যবাহী স্বতন্ত্ৰ অধ্যক্ষ প্ৰকাশ আপ্টেই কয় যে, “বিত্ত, বিনিয়োগ, বেংক আৰু নেতৃত্বৰ ক্ষেত্ৰত ডিজিটেল বেংকিং আৰু গ্লবেল উদ্যোগৰ ট্ৰেণ্ডসমূহৰ ভৱিষ্যতৰ এজন অন্যতম বিশিষ্ট বিশেষজ্ঞ হৈছে লীনাৰছ, তেওঁ আলোচনা-মীমাংসাৰ বাবে এক নতুন দৃষ্টিভংগী লৈ আহিব বুলি আমি আশাবাদী আৰু ব’ৰ্ডে তেওঁৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ অপেক্ষা কৰি আছে।”