কলিয়াবৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত। গাঁতত বৰষুণৰ পানী জমা হৈ ভয়ংকৰ হৈ পৰিছে যাতায়ত।
উজনি-নামনিৰ মধ্যস্থল কলিয়াবৰ তিনি আলিৰ পথৰ সূচনীয় অৱস্থা।
ৰাষ্ট্ৰীয় ঘাইপথটোত প্ৰকাণ্ড গাঁত।যাৰ বাবে গাড়ী চলাচলত অসুবিধাৰ সন্মুখীন হৈছে চালক¸পথাচাৰীৰ।
পথৰ দুৰৱস্থাৰ বাবেই প্ৰায়েই সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।
বিভাগীয় কৰ্তৃপক্ষই পথচোৱাত গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয়লোকৰ।
অতি শীঘ্ৰে পথচোৱা মেৰামতি কৰি দিবৰ বাবে অনুৰোধ জনাইছে স্থানীয় ৰাইজে।
