কিটকাট নতুন উদ্যোগ ‘ব্ৰেকচ ফৰ গুড’ৰ শুভাৰম্ভ

735

কিটকাটে (KITKAT) আৰম্ভ কৰিছে ‘ব্ৰেকছ ফৰ গুড’ নামৰ এক অনন্য পদক্ষেপ । এই “ব্ৰেক জ’ন” বেঞ্চবোৰ (benches) ভাৰতৰ অন্যতম অভিনৱ প্লাষ্টিক আৱৰ্জনা ৰিচাইক্লিং কোম্পানী আৰু গ্লোবেল নেষ্টলে ক্ৰিয়েটিং শ্বেয়াৰড ভেল্যু প্ৰাইজৰ অন্যতম বিজয়ী ৰিক্ৰন পেনেলৰ সহযোগত সৃষ্টি কৰা হৈছে।

নেষ্টলে ইণ্ডিয়াৰ কনফেক্সনাৰী বিজনেছৰ প্ৰমুখ ৰূপালী ৰতনে কয়, কিটকাটে শুভাৰম্ভ কৰিছে  ‘ব্ৰেকছ ফৰ গুড’ শীৰ্ষক নতুন পদক্ষেপ। ইয়াৰ দ্বাৰা আমি যুৱকসকলক জনাব বিচাৰো যে এইবোৰৰ ব্ৰেক জ’নবোৰে কেৱল তেওঁলোকৰ বাবে বিৰতি হিচাপে কাম নকৰে, এই পদক্ষেপটো হৈছে আমাৰ প্ৰতিশ্ৰুতি আৰু স্থিৰতাৰ দিশত যাত্ৰাৰ প্ৰথম পদক্ষেপ আৰু আমি ইয়াৰ চাৰিওফালে অধিক বাৰ্তালাপ আৰু কাৰ্যকলাপ অব্যাহত ৰাখিব বিচাৰো।

ৰিক্ৰন পেনেলৰ সঞ্চালক ৰাহুল চৌধুৰীয়ে কয়, “উদ্ভাৱনীমূলক প্লাষ্টিক আৱৰ্জনা পুনৰ্ব্যৱহাৰৰ ক্ষেত্ৰত খ্যাতি অৰ্জন কৰা হিচাপে, আমি কিটকেটৰ সৈতে জড়িত হৈ গৌৰৱান্বিত আৰু এই পুনৰ্ব্যৱহাৰ যোগ্য প্লাষ্টিকৰ বেঞ্চ তৈয়াৰ কৰাত আমাৰ দক্ষতা ব্যৱহাৰ কৰিছো। এই সহযোগিতাই দেখুৱায় যে কেনেদৰে উপভোক্তা প্লাষ্টিক আৱৰ্জনা বৃত্তাকাৰ অৰ্থনীতিৰ অংশ হ’ব পাৰে।”