খানামুখৰ হাওৰাপাৰত সাংস্কৃতিক সন্ধিয়া আৰু একক নৃত্য প্ৰতিযোগিতা সম্পন্ন

143

২০ জানুৱাৰী : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা থানাৰ অন্তৰ্গত খানামুখ হাওৰাপাৰত মাঘ বিহুৰ লগত সংগতি ৰাখি ভোগালী ধামাকা সন্মিলনীৰ উদ্যোগত ১৮ জানুৱাৰীত সাংস্কৃতিক সন্ধিয়া আৰু একক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সন্মিলনীৰ সভাপতি মুকুল কলিতাই। বিয়লিৰ পৰা গুৱাহাটী ভিত্তিত একক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়।

ডেৰকুৰিৰো অধিক প্ৰতিযোগীয়ে ভাগ লোৱা প্ৰতিযোগিতাখনত গুৱাহাটীৰ  কাহিলীপাৰাৰ হৃত্তিক নাথে প্ৰথম স্থান লাভ কৰি ৩,৫০১ টকা, আজাৰাৰ জোনমণি দাসে দ্বিতীয় স্থান লাভ কৰি ২,৫০১ টকা আৰু পশ্চিম জালুকবাৰীৰ চাৰ্ভে স্কুলৰ ভাছিকা দত্তই তৃতীয় স্থান লাভ কৰি ১,৫০১ টকা লাভ কৰে। আনহাতে নিচুকণি বঁটা লাভ কৰে খানামুখৰ বাৰ্বী কলিতা আৰু আজাৰাৰ তন্ময় দাসে।

আনহাতে সন্ধিয়াৰ পৰা মাজনিশালৈ অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত খানামুখৰ বাৰে ৰহণীয়া মিলিজুলি দলে জেং বিহু, উদীয়মান কণ্ঠশিল্পী শতাব্দী বৰা, বদন ৰঞ্জন কলিতা, ৰাজেশ বৰুৱাৰ মিউজিকেল বেণ্ডৰ শিল্পী সকলে সংগীত পৰিবেশন কৰি উপস্থিত কেবা শতাধিক দৰ্শক – শ্ৰোতাক আপ্লুত কৰে।