দ্য গ্ৰেট খলীৰ বিজেপিত যোগদান

111

বিজেপিত যোগদান কৰি ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰিলে ৱৰ্ল্ড ৰেছলিং এণ্টাৰটেইনমেণ্ট (ডাব্লিউডাব্লিউই)ৰ জৰিয়তে বিখ্যাত হোৱা মল্লযোদ্ধা দ্য গ্ৰেট খলী ওৰফে দিলীপ সিং ৰাণাই।

বৃহস্পতিবাৰে গ্ৰেট খলীয়ে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত কেইবাজনো জ্যেষ্ঠ নেতাৰ উপস্থিতিত বিজেপিত যোগদান কৰে।

গেৰুৱা বসন পিন্ধি মল্লযোদ্ধা গৰাকীয়ে কয় যে বিজেপিৰ ৰাষ্ট্ৰীয় নীতিৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ পিছত তেওঁ দলটোত যোগদান কৰাৰ সিদ্ধান্ত লৈছে। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো প্ৰশংসা কৰে।

গ্ৰেট খলীয়ে কয়, “মই বিজেপিত যোগদান কৰি সুখী… মই ভাবো প্ৰধানমন্ত্ৰী মোডীয়ে ৰাষ্ট্ৰৰ বাবে কৰা কামে তেওঁক সঠিক প্ৰধানমন্ত্ৰী কৰি তুলিছে। গতিকে ৰাষ্ট্ৰৰ উন্নয়নৰ বাবে ময়ো বিজেপিত যোগদানৰ সিদ্ধান্ত লওঁ। বিজেপিৰ ৰাষ্ট্ৰীয় নীতিৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ পিছত মই বিজেপিত যোগদান কৰিছো।”

বিজেপি নেতা জীতেন্দ্ৰ সিঙে কয়, “গ্ৰেট খলীৰ যোগদানৰ লগে লগে ই দেশৰ যুৱ প্ৰজন্মৰ লগতে আনসকলৰ বাবেও অনুপ্ৰেৰণাৰ উৎস হ’ব।”

উল্লেখ্য যে, ৪৯ বছৰীয়া গ্ৰেট খলী ৱৰ্ল্ড হেভিৱেট চেম্পিয়ন আছিল, যাক ২০২১ চনৰ ডাব্লিউডাব্লিউইৰ হল হোম ফেম শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছিল। ৭ ফুট ১ ইঞ্চিৰ খলীৰ দৈৰ্ঘ্যৰ বাবেও বহুত চৰ্চিত হৈছিল। তেওঁ ২০০৬ চনত ডাব্লিউডাব্লিউই (WWE) কেৰিয়াৰ আৰম্ভ কৰিছিল।

এজন পেছাদাৰী মল্লযোদ্ধা হিচাপে খলীয়ে ডাব্লিউডাব্লিউইৰ বহুতো শক্তিশালী মল্লযোদ্ধাৰ সৈতে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। ইয়াৰ উপৰিও, তেওঁ মেকগ্ৰুবাৰ, গেট স্মাৰ্ট, দ্য লংগেষ্ট য়াৰ্ডৰ দৰে হলিউডৰ চলচ্চিত্ৰতো অভিনয় কৰিছে। তেওঁ ৰিয়েলিটি শ্ব’ বিগ বছৰ এটা অংশ আছিল।

হিমাচল প্ৰদেশৰ চিৰমৌৰ জিলাৰ বাসিন্দা গ্ৰেট খলীয়ে ডাব্লিউডাব্লিউইৰ পৰা অৱসৰ লোৱাৰ পিছত কণ্টিনেণ্টেল ৰেছলিং এণ্টাৰটেইনমেণ্ট আৰম্ভ কৰে।