দ্বিতীয়টো বানৰ কবলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান । বানৰ সৈতে মোকাবিলা কৰিবলৈ সাজু ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ । কহঁৰা বনাঞ্চলৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ কাষৰীয়া আৰিমৰা এলেকা বানত প্লাৱিত হোৱাৰ কথা প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ ডিব্ৰুগড় আৰু নিমাতীঘাটত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদসীমা অতিক্ৰম কৰাৰ সম্ভাৱনাৰ সামান্তৰালভাৱে কাজিৰঙাতো বান বৃদ্ধি হোৱাৰ আশংকা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ ৷কাজিৰঙাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত প্ৰশাসনে ১৪৪ ধাৰা বলৱৎ ৰখাৰ লগতে কৰিড’ৰসমূহত বেৰিকেড স্থাপন কৰি মোতায়েন কৰা হৈছে বনকৰ্মী ৷ যাতে ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰি কাৰ্বি পাহাৰলৈ গতি কৰা বন্যপ্ৰাণীৰ কোনো ক্ষয়-ক্ষতি নহয় ৷
